হাজো 'আছু'য়ে পাঁঁচশটাকৈ পৰিয়ালৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী

Pic

কমলাকান্ত দাস,হাজো:

সমগ্ৰ দেশ তথা ৰাজ্যজুৰি বলৱৎ হৈ থকা 'লকডাউন'ৰ পৰিপেক্ষিতত একাংশ পৰিয়ালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱত কটাবলগীয়া হৈছে এক দূৰ্বিসহ জীৱন।এই পৰিয়ালসমূূহৰ জীৱন-জীৱিকালৈ ভাবুকি নামি অহাৰ সময়ত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ নিৰ্দেশত হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু দিহিনা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দিহিনা,নতুন দিহিনা আৰু হৈনাদী গাঁৱৰ শ্ৰমজীৱী,কৃষিজীৱী,মৎস্যজীৱী প্ৰায় ৫০০ টা পৰিয়ালক সন্থাৰ সামৰ্থ অনুযায়ী খাদ্য সামগ্ৰী ঘৰে ঘৰে গৈ বিতৰণ কৰে।সংগঠনটোৱে অত্যাৱশ্যকীয় বিশেষকৈ চাউল,আলু,পিয়াঁজ, মিঠাতেল আদি খাদ্য সামগ্ৰী বিতৰণ কৰে।এই কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ ভাপতি দিবাকৰ কলিতা,সাধাৰণ সম্পাদক হেমন্ত দাস,সহকাৰী সাধাৰণ সম্পাদক ইমদাদুৰ ৰহমান,উপ-সভাপতি ৰুবুল চন্দ্ৰ দাস সহিতে হাজো 'আছু'ৰ সভাপতি নৱজ্যোতি দাস,সাধাৰণ সম্পাদক তপন দাসৰ লগতে হাজোৰ সমুহ বিষয়ববীয়া উপস্থিত থাকে।

Your Comments