নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
সম্প্ৰতি মহামাৰীৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ দ্ৰুত সংক্ৰমণত অন্য ক্ষেত্ৰসমূহৰ লগতে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।ইয়াৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে প্ৰায়বোৰ দেশেই ঘৰুৱা খেলৰ উপৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহো অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়াৰ লগতে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।যাৰ বাবে খেলুৱৈসকল তথা ক্ৰীড়াবিদসকলৰ বাবে এই সময়খিনি যথেষ্ট অসুবিধাজনক আৰু জটিল হৈ পৰা দেখা গৈছে।এই ক'ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশব্যাপি চলোৱা 'লকডাউন'ৰ ইতিমধ্যে প্ৰথম পৰ্যায় সফলতাৰে সমাপ্ত হোৱাৰ পিছত বৰ্তমানে পুনৰ দ্বিতীয় পৰ্যায়ৰ লকডাউন বৃদ্ধি কৰি সংক্ৰমণ নি:শেষ কৰাৰ চেষ্টা ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজ,খেলুৱৈ,
ক্ৰীড়াবিদ সাংস্কৃতিককৰ্মীসকলৰ সম্পূৰ্ণ সহযোগত অব্যাহত ৰাখিছে।উল্লেখ্য যে এইসকলৰ উপৰি অসমৰ ক্ৰীড়াজগতৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ সহায়-সহযোগেৰে এই সংক্ৰমণ ৰোধৰ সংগ্ৰামখনত যথেষ্ট অৰিহণা যোগাইছে।ইয়াৰ মাজতে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক,
প্ৰথম শ্ৰেণীৰ ফুটবল ৰেফাৰী তথা বৰ্তমানৰ অসম ফুটবল সন্থাৰ ৰেফাৰী কমিটীৰ সদস্য শশীন্দ্ৰ লাল ভূঞাই অসম ফুটবল সন্থাৰ বিভিন্ন জিলাৰ স্বীকৃতিপ্ৰাপ্ত সকলো কেটেগৰীৰ খেল পৰিচালকসকলক আৰ্তজনৰ ওচৰত থিয় হৈ সহায় আগবঢ়াবৰ বাবে অনুৰোধ জনাইছে।লগতে ,ফুটবল খেল পৰিচালকসকলে লকডাউনৰ সময়ছোৱাত ঘৰতে থাকি বিভিন্ন ব্যায়াম,শৰীৰ চৰ্চা,
ক্ৰীড়া অনুশীলন কৰাৰ লগতে ৰেফাৰীসকলে ফুটবলৰ আইন-কানুনৰ কিতাপখনত থকা ১৭টা আইন যদি নিতৌ যদি এটাকৈ পঢ়ে, তেন্তে সুন্দৰ সময় অতিবাহিত কৰাৰ উপৰি ফুটবলৰ নীতি-নিয়মৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ'ব বুলি মত পোষণ কৰে ভূঞাই ।তদুপৰি,ফিফাৰ শেহতীয়া সংশোধিত আইন-কানুনসমূহো সতীৰ্থ ৰেফাৰীসকলৰ লগতে প্ৰাক্তন অভিজ্ঞ ৰেফাৰীসকলৰ সৈতে ভিডিঅ' বা সামাজিক মাধ্যম Whatsapp যোগে মত বিনিময় কৰিলে উপকৃত হ'ব আৰু আগন্তুক সময়ৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব বুলি ভূঞাঁই মন্তব্য কৰে।
- Log in to post comments
- 17 views