মৃণাল ডেকা,শুৱালকুছি:
ক'ৰ'না ভাইৰাছ (ক'ভিড-১৯ )প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা 'লকডাউন'ৰ সময়ত দৈনিক শ্ৰমজীৱী তথা সাধাৰণ কৃষক শ্ৰেণীৰ ৰাইজ ভয়ংকৰ বিপদৰ সম্মুখীন হৈছে ৷ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পূব বংশৰ অঞ্চলৰ লকডাউনত এই সকল পৰিয়াল জীৱন নিৰ্বাহৰ বাবে হোৱা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱালৈ চাই বঙালাগড় বৰগাওঁ কেতেকীঝাৰ আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত এই অঞ্চলৰ প্ৰায় ২০০ টা দৈনিক শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী চাউল , মিঠাতেল,দাইল,আলু,নিমখ,কোমোৰা , ৰঙালাউ আদি বিতৰণ কৰে।প্ৰায় দুই শতাধিক লোকক বঙলাগড় বৰগাওঁ কেতেকীঝাৰ আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি দেৱজিৎ দাস আৰু সাধাৰণ সম্পাদক ৰাহুল দাসে এই অঞ্চলৰ লাট গাওঁবুঢ়া চন্দ্ৰধৰ দাসৰ উপস্থিতিত খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে।উল্লেখ যে বিশিষ্ট প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ প্ৰাপক পূৰ্ণিমা দেৱী বৰ্মন,শ্বেৱাত হুছেইন,দিলীপ সিং,কিশোৰ পাৰিক,লাট গাওঁবুঢ়া চন্দ্ৰধৰ দাস আদি বিশিষ্ট ব্যক্তিসকলে বঙলাগড় বৰগাওঁ কেতেকীঝাৰ গাওঁ উন্নয়ন সমিতিক এই ক্ষেত্ৰত সহযোগ আগবঢ়ায়।অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি লাট গাওঁবুঢ়া চন্দ্ৰধৰ দাসে ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে সজাগ আৰু সচেতন থাকিবলৈ আৰু চাফ-চিকুণতা অৱলম্বন কৰিবলৈ আহ্বান জনােৱাৰ লগতে লকডাউনৰ সময়ছোৱাত নিজ নিজ গৃহতে সকলোকে আৱদ্ধ থাকিবলৈ আহ্বান জনায় ৷
- Log in to post comments
- 78 views