অসমীয়া সাহিত্যৰ অন্যতম নমস্য ব্যক্তি, প্ৰথিতযশা কবি-সাহিত্যিক ছৈয়দ আব্দুল মালিকৰ কবিতা বিৰ্তকত মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা। প্ৰয়াত সাহিত্যিকগৰাকীৰ 'মই অসমীয়া' নামৰ অসমৰ জাতীয় জীৱনৰ লগত জড়িত থকা বিশেষ কবিতাটোৰ নিৰ্দিষ্ট কেইটামান শাৰী সামাজিক মাধ্যমত প্ৰচাৰ কৰি প্ৰবক্তা ৰূপা ৰাণী ভূঞাই সাহিত্যিকগৰাকীক অসম আক্ৰমণকাৰী মোগলৰ প্ৰেমিকৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল।
প্ৰবক্তাগৰাকীৰ সেই প্ৰচেষ্টাৰ পিছতে মহানগৰীৰ হাতীগাঁও থানাত বুধবাৰে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে সদৌ অসম গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদে।
'প্ৰবক্তা ভূঞাই কবিতাটো সম্পূৰ্ণকৈ নিদি প্ৰথিতযশা সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজিক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিবলৈ সামাজিক প্ৰচাৰ মাধ্যমত দুটাকৈ পোষ্ট দিয়ে।উক্ত পোষ্টকেইটাত বহু লোকে কবি,সাহিত্যিকগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।তদুপৰি,সেই পোষ্টৰ গইনা লৈ আন বহুলোকে পৰৱৰ্তী সময়ত পোষ্ট কৰি সাম্প্ৰদায়িক বিষবাস্প বিয়পাই সমাজত অশান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে ।‘এজাহাৰত এইদৰে উল্লেখ কৰে পৰিষদৰ নেতা ইছমাইল আলীয়ে।আলীয়ে প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আহ্বান জনায়।
উল্লেখ্য,২০ এপ্ৰিলত প্ৰবক্তাগৰাকীয়ে ছৈয়দ আব্দুল মালিকৰ সৃষ্টিক লৈ সামাজিক মাধ্যমত চলাইছিল অপপ্ৰচাৰ।
- Log in to post comments
- 178 views