'ক্ৰীড়াৰ কচৰতে জন্ম দিয়ে সুদক্ষ খেলুৱৈ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিৱাসে গ্ৰহণ কৰা পদক্ষেপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়াৰ দিশটোক অধিক শক্তিশালী কৰি তুলিছে ।
এনে পদক্ষেপে বিশ্ববিদ্যালয়ৰ পৰা সুদক্ষ খেলুৱৈ জন্ম দিয়াত বিশেষ অৰিহণা যোগাব ।' -এই মন্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীৰ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথমটো ছাত্ৰ নিবাস পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাসে যোৱা ২৫ আৰু ২৬ আগষ্টত নিৱাসৰ প্ৰাক্তন আৱাসী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ
মহলা ছাত্র একতা সভাৰ প্ৰাক্তন ভলীবল সম্পাদক প্ৰয়াত কমলকৃষ্ণ কলিতা সোঁৱৰণি ভলীবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল উপভোগ কৰি এইদৰে অনুভৱ ব্যক্ত কৰে উপাচাৰ্যগৰাকীয়ে ।
এই পদক্ষেপৰ বাবে আৱাসটোক বিশেষভাৱে ধন্যবাদ জনাই তামুলীয়ে বক্তব্যত আৰু কয় যে অসম বৰ্তমানে ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে । অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যথেষ্ট কৰিবলগা আছে ।
প্ৰতিবছৰৰ দৰে এই বছৰো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৰকাৰী আৰু বেচৰকাৰী সকলো আৱাসৰ মাজত অনুষ্ঠিত ভলীবল প্ৰতিযোগিতাখনিত প্ৰথমদিনা প্ৰায় কুৰিটাৰো অধিক দলে অংশগ্ৰহণ কৰে ।
দ্বিতীয়দিনা অনুষ্ঠিত চূড়ান্ত খেলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাইল্ছ ব্ৰনছন ছাত্র নিৱাসে (পি বি এইছ) ল'ৰা শাখাৰ চেম্পিয়নৰ খিতাপ লাভ কৰে । ল'ৰা শাখাৰ ৰানাৰ্ছ-আপৰ খিতাপ লাভ কৰে লীলা গগৈ গৱেষক ছাত্র নিবাসে ।
ছোৱালী শাখাৰ চেম্পিয়নৰ খিতাপ লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নৱ ছাত্ৰী নিবাসে । ছোৱালী শাখাৰ ৰানাৰ্ছ-আপৰ খিতাপ লাভ কৰে আইদেউ সন্দিকৈ ছাত্ৰী নিবাসে । ল'ৰা শাখাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে সঞ্জয় বৰুৱাই ৷
ছোৱালী শাখাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কৰবী সোণোৱালে । উল্লেখ্য যে প্ৰয়াত কমলকৃষ্ণ কলিতাৰ সোঁৱৰণত প্ৰতিবছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্র নিবাসে অনুষ্ঠিত কৰি আহিছে এই ভলীবল প্ৰতিযাগিতা ।
- Log in to post comments
- 12 views