সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ জাতীয় চেতনা নাই । ধনঘটা আৰু বিজেপিৰ দালালী কৰা এগৰাকী কৰ্মচাৰীহে মমিনুল আৱাল। সংখ্যালঘু ৰাইজ আৰু অসমৰ প্ৰতি কনো দায়বদ্ধতা নাই এই গৰাকী ব্যক্তিৰ ।
ইয়াৰ বিপৰীতে বিজেপিৰ বিধায়ক শিলাদিত্যই উচ্চতম ন্যায়ালয়ক ভেঙুচালি কৰি বক্তব্য প্ৰদান কৰি আহিছে । শিলাদিত্যৰ বক্তব্য মানে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্য বুলি মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে আৰম্ভণিৰে পৰা এখন শুদ্ধ, স্বচ্ছ, নিকা নাগৰিকপঞ্জী প্ৰস্তুত হোৱাটো বিচাৰিছে । এন আৰ চিত যাতে এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰবাবেও আমছুৱে সজোৰে দাবী উত্থাপন কৰি আহিছে ।
সমান্তৰালভাৱে এন আৰ চি প্ৰস্তুতৰ নামত যাতে কোনো প্ৰকৃত ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন হ'বলগা নহয় তাৰবাবেও আমছুৱে কৰ্তৃপক্ষক আহ্বান জনাই আহিছে ৷
এই ভাষ্য সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ । তামুলপুৰৰ নিকটৱৰ্তী আল্লিয়া আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত নাৰায়ণগাঁও শাখা সমিতি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সহযোগত আচাৰ্য্য বিনোৱা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত মুকলি সভা আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সভাত সৰকাৰে এই মন্তব্য আগবঢ়ায় ।
আল্লিয়া আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ স্থায়ী সভাপতি নুৰুল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰেজাউল কৰিম সৰকাৰে অভিভাৱকক উদ্দেশ্যি নিজৰ সন্তানক পেটত গামোচা বান্ধি হ'লেও, নিজে নাখাই হ'লেও সন্তানক মানুহ কৰিবলৈ আহ্বান জনায় ।
লগতে তেওঁ কয় যে ১৮ বছৰৰ আগতে নিজৰ ছোৱালীক বিয়া দি মৃত্যুমুখলৈ ঠেলি নিদি শিক্ষিত কৰি সমাজখনক আগুৱাই নিব লাগে । সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পদক মহিবৰ ৰহমান, ইমতিয়াজ হুছেইন, নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মতিউৰ ৰহমান, ৰুবুল আলী আদিকে ধৰি আমছুৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ।
- Log in to post comments
- 13 views