"হিমা দাসে ৰূপৰ পৰা সোণৰ পদকলৈ আৰোহণ কৰিবলৈ হ'লে অতিৰিক্ত শক্তি আৰু সামৰ্থ্য আহৰণ কৰিব লাগিব।" এই মন্তব্য ১৯৬৬ ত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভোগেশ্বৰ বৰুৱাৰ । অভিজ্ঞতাৰপৰা ভোগেশ্বৰ বৰুৱাই কয়, "হিমাৰ সময় মানৰ অগ্ৰগতি প্ৰত্যক্ষ কৰি আহ্লাদিত হৈছো । মোৰ মতে সকলোতকৈ উৎসাহজনক কথা এইটোৱেই । হিমাৰ যি আগ্ৰহ, প্ৰচেষ্টা আৰু প্ৰদৰ্শন চলি আছে, তাত যাতে প্ৰতিবন্ধকতাৰ সৃষ্টি নহয়, সেই দিশটো চোৱাত চৰকাৰৰ দায়িত্ব আহি পৰিছে।২০২০ ৰ টকিঅ' অলিম্পিকলৈ হিমাক আগুৱাই নিবলৈ হ'লে প্ৰস্তুতিত সম্পূৰ্ণ সহায়-সহযোগ কৰিব লাগিব।"
ভোগেশ্বৰ বৰুৱাই কয় যে হিমাক ভাৰতত ৰাখিব নালাগে। যাৱতীয় ব্যৱস্থা বিদেশৰ উপযুক্ত স্থানত কৰি দিব লাগে । হিমাক অসমলৈ মাতি আনি সম্বৰ্ধনা আদিত ব্যস্ত ৰাখি অনুশীলনৰ সময় নষ্ট কৰাৰ প্ৰয়োজন নাই।হিমাক বিৰক্ত কৰি তোলাটো উচিত নহয়। হিমাক উদ্দেশ্য কৰি ভোগেশ্বৰ বৰুৱাই কয়, "সম্বৰ্ধনাৰ উদ্বাউল বন্ধনত উটি গ'লে নচলিব । আৰু আগুৱাব লাগিব । এথলেটিকছ জীৱনৰ লক্ষ্য হ'ব লাগিব চৰম আৰু শীৰ্ষতম সাফল্য আৰু সেয়াই হ'লগৈ অলিম্পিকৰ পদক।হিমাৰ জীৱনৰ অমূল্য সময় কোনেও নষ্ট নকৰিব।"
- Log in to post comments
- 21 views