মধ্য প্ৰদেশত পতন ঘটিল কংগ্ৰেছ চৰকাৰৰ:পুনৰ ফুলিল পদুম

Pic

মধ্য প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ পতন।শুকুৰবাৰে মুখ্যমন্ত্ৰী কমলনাথে ৰাজ্যপাল লালজী টেণ্ডনৰ হাতত পদত্যাগ-পত্ৰ অৰ্পণ কৰাৰ লগে লগে পতন ঘটিল কংগ্ৰেছ চৰকাৰখনৰ।উল্লেখযোগ্য যে কংগ্ৰেছৰ ২২ গৰাকী বিধায়কে বিদ্ৰোহী হৈ দলটোৰ পৰা পদত্যাগ কৰাত চৰকাৰখন সংখ্যালঘিষ্ঠ হৈ পৰিছিল।এতিয়া,১৫ মাহৰ পিছত মধ্য প্ৰদেশত পুনৰ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব।অৱশ্যে বিজেপিৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান নে অন্য কোনোবা হ'ব,বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এতিয়াও নিৰ্ধাৰণ কৰা নাই।

Your Comments