উত্তৰ গুৱাহাটীত 'সচেতন যুৱ মঞ্চ,অসম'ৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস পালন

Pic

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে উত্তৰ গুৱাহাটীতো দেওবাৰে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়।উত্তৰ গুৱাহাটীৰ অগ্ৰণী সামাজিক সংগঠন 'সচেতন যুৱ মঞ্চ,অসম'ৰ উদ্যোগত আৰু 'বৃহত্তৰ উত্তৰ গুৱাহাটী সন্মিলিত নাৰী মঞ্চ'ৰ সহযোগত অঞ্চলটোৰ শিলসাঁকোস্থিত প্ৰাগজ্যোতিষপুৰ কলা পৰিষদত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস পালনৰ সভা অনুষ্ঠিত কৰা হয়।ৰাজশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকুমণি চৌধুৰীৰ পৰিচালনাত এটা সমৱেত সংগীতৰে সভা আৰম্ভ কৰা হয়।বন্তি প্ৰজ্জ্বলন কৰে উত্তৰ গুৱাহাটীৰ ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ স্বত্বাধিকাৰী বন্তি ভূঞাই।সচেতন যুৱ মঞ্চ,অসমৰ অশোক দত্তই আঁত ধৰা মুকলি সভাখনৰ সঞ্চালনা কৰে যুৱ মঞ্চৰ মুখ্য উপদেষ্টা ডঃ বন্তি বৰা দত্তই।সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে বন্তি ভূঞাই।সভাত বৃহত্তৰ উত্তৰ গুৱাহাটী নাৰী মঞ্চৰ সভানেত্ৰী বিউটী বৰা,সম্পাদিকা ঊষা দেৱী,ডঃ ৰস্মিতা দাস,মনালিছা কাকতি,বিদিতা ভট্টাচাৰ্য,বিমলা ৰাভা,পিংকুমণি চৌধুৰী আদি কেইবাগৰাকী বক্তাই বক্তৃতা প্ৰদান কৰে।উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস পালনৰ উক্ত সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ২৯ গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়।

Your Comments