মাদাৰ বৃদ্ধাৱাসত 'যুৱ সাংবাদিক মঞ্চ'ৰ আন্তৰ্জাতিক নাৰী দিৱস পালন

Pic

'যুৱ সাংবাদিক মঞ্চ'ৰ পঞ্চম বর্ষপূৰ্তিৰ লগতে আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ দিনটোত মহানগৰীৰ সিজুবাৰীস্থিত মাদাৰ বৃদ্ধাৱাসত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ।অনুষ্ঠানৰ আৰম্ভণিতে বৃদ্ধাৱাসৰ আইতাসকলৰ লগত নাৰী দিৱসৰ কে'ক কাটি উদযাপন কৰা হয় নাৰী দিৱসৰ।বৃদ্ধাৱাসৰ ১০৫ বছৰীয়া আইতা সুভদ্ৰা দেৱীয়ে যুৱ সাংবাদিক মঞ্চৰ নাৰী দিৱসৰ বিশেষ কে'ক কাটে।

অনুষ্ঠানত যুৱ সাংবাদিক মঞ্চৰ হৈ সভানেত্ৰী নিপা কাকতি,যুটীয়া সাধাৰণ সম্পাদক দিব্যজ্যেতি দাসৰ লগতে একাংশ সদস্য  উপস্থিত থাকে।

নাৰী দিৱসৰ কে'ক কাটি আইতা সুভদ্ৰা দেৱীয়ে কয়-"ভাল লাগিছে অনুষ্ঠানসমূহ।আগলৈও নতুন প্ৰজন্মই এইসমূহ ভাল কাম কৰক,তাৰ বাবে যুৱ সাংবাদিকসকলে নতুন প্ৰজন্মক আগ্ৰহী কৰিবলৈ চেষ্টা কৰিব।নাৰী দিৱস আমিও কৰিছোঁঁ,কিন্তু এতিয়াহে বুঢ়ী হ'লো।"

নাৰী দিৱসৰ গুৰুত্ব উল্লেখ কৰি আইতাই কয়- "নাৰীসকলক অৱহেলা কৰা অনুচিত। পুৰুষ-মহিলা মিলিহে সংসাৰ।অকল পুৰুষে সংসাৰ কৰিব নোৱাৰে,ঠিক একেদৰে নাৰীয়েও অকলে সংসাৰ কৰিব নোৱাৰে।নাৰী-পুৰুষৰ বুজা-বুজিয়েহে এখন সুস্থ সমাজ সৃষ্টি কৰিব।"


ইফালে,যুৱ সাংবাদিক মঞ্চৰ মহিলা সাংবাদিকসকলক বৃদ্ধাৱাস কৰ্তৃপক্ষই সম্বৰ্ধনা জনায়।আইতাসকলৰ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে সমগ্ৰ অনুষ্ঠানটো। 

যুৱ সাংবাদিক মঞ্চৰ লগতে মচফিকা ওমেনছ ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগতো নাৰী দিৱস উদযাপন কৰা হয়।তেওঁঁলোকে বৃদ্ধাৱাসৰ আবাসীসকলক চাদৰ,কেক আদি বিতৰণ কৰে।

Your Comments