হাস্পতালৰ পৰা ৰিলিজ লৈয়ে কামৰ বাবে মুম্বাইলৈ উৰা মাৰিলে জুবিন গাৰ্গে

Pic

অৱশেষত ১০টা দিন চিকিৎসালয়ত থকাৰ পিছত দেওবাৰে যাবলৈ দিয়া হ'ল ৰাইজৰ মৰম শিল্পী জুবিন গাৰ্গক।গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে ৰিলিজ দিয়াৰ পিছতে পোনে পোনে ৰাওনা হয় গুৱাহাটী বিমান বন্দৰলৈ।সুস্থ শিল্পীগৰাকী পোনে পোনে ৰাওনা হয় মুম্বাইলৈ।তাতে কিছুদিন জিৰণি ল'ব শিল্পী জুবিনে।লগতে, শিল্পীগৰাকীৰ কিছু কৰিব লগা কামৰ বাবে মুম্বাইলৈ যোৱা বুলি ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে।তাৰ ভিতৰত নতুনকৈ আহিব লগা তিনিখন ছবিৰ কামৰ বাবে জুবিন গাৰ্গ মুম্বাইলৈ যোৱা বুলি জানিব পৰা গৈছে।

Your Comments