
অসম প্ৰকাশন পৰিষদৰ ৩৩সংখ্যক গুৱাহাটী গ্ৰন্থমেলা স্থগিত।১৪ মার্চৰ পৰা ২৫ মার্চলৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল গ্ৰন্থমেলা।তাৰ বাবে ইতিমধ্যে অসম অভিযান্ত্ৰিক খেলপথাৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছিল।উল্লেখ্য যে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত উল্লেখ আছে-"বিশ্বত সন্ত্ৰাস সৃষ্টি কৰা ক'ভিড-১৯ ভাইৰাছৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা সতৰ্কতামুলক ব্যৱস্থা তথা পৰামৰ্শ অনুসৰি অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা স্থগিত ৰখা হৈছে।"
চৰকাৰে ক'ৰ'না ভাইৰাচৰ বীজানু যাতে বিয়পি পৰিব নোৱাৰে,তাৰ বাবে গণ সমাৱেশ সীমিত কৰাৰ পৰামৰ্শ দিছে।কেন্দ্ৰীয় চৰকাৰৰ এই পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থমেলাখন স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশ কৰিছে।
গুৰুত্বপূৰ্ণ যে ইয়াৰ পূৰ্বেও 'কা' বিৰোধী প্ৰতিবাদৰ বাবে স্থগিত ৰাখিব লগা হৈছিল গ্ৰন্থমেলা।
- Log in to post comments
- 7 views