কলিয়াবৰত ক'ৰ'না ভাইৰাছৰ আতংক

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

অসম ভ্ৰমণ সামৰি ভূটানত উপস্থিত হৈ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত আক্রান্ত হোৱা মাৰ্কিন পৰ্যটকজনে পৰিদৰ্শন কৰিছিল শিলঘাটৰ অসম সমবায় মৰাপাট কল।মাজুলীৰ পৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰে আহি থাকোঁতে বাটতে শিলঘাটৰ মৰাপাট কল পৰিদৰ্শন কৰিছিল পৰ্যটকজনে।কলটোত ৩০ মিনিট সময় কটোৱা মাৰ্কিন পৰ্যটকজনৰ সৈতে আন কেইগৰাকীমানো পৰ্যটক আছিল।পিছলৈ এই ঘটনাটোৰ বিষয়ে জানিবলৈ পাৰি নগাঁও জিলা প্ৰশাসনে পৰ্যবেক্ষণৰ বাবে কলটোলৈ চিকিৎসকৰ এটা দল প্ৰেৰণ কৰে।অৱশ্যে,দলটোক মৰাপাট কলটোৰ কৰ্তৃপক্ষই কলৰ কোনো কৰ্মচাৰী পৰ্যটকজনৰ পোনপটীয়া সংস্পৰ্শলৈ অহা নাছিল বুলি জনায়।ইফালে,এই ঘটনাটোক লৈ অঞ্চলটোত আতংকৰ সৃষ্টি হয়।শনিবাৰে,জখলাবন্ধা,নলতলী,কুঁৱৰীটোল আদি এলেকাত মাংসৰ বিক্ৰী যথেষ্ট হ্ৰাস পায়।আনহাতে,কলিয়াবৰ মহকুমা প্ৰশাসনে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সৰাৰ উপায়সমূহৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি জনতাক সজাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Your Comments