অনুজ্ঞাপত্ৰ অবিহনে হোলীৰ ৰং বিক্ৰী কৰা ফাঁচীবজাৰৰ পদপথৰ ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান

Pic

মহানগৰীত গুৱাহাটী পৌৰ নিগমৰ উচ্ছেদ অভিযান।ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত দেওবাৰে চলায় উচ্ছেদ অভিযান।অনুজ্ঞাপত্ৰ অবিহনে হোলীৰ ৰং বিক্ৰী কৰা পদপথৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে চলায় উচ্ছেদ অভিযান।অভিযানত গুৱাহাটী পৌৰ নিগমে পদপথৰ অবৈধ দোকানসমূহৰ পৰা হোলীৰ সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখ্য যে ইতিমধ্যে বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে দেশৰ জনসাধাৰণক এইবাৰ ফাকুৱাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে চৰকাৰে।কাৰণ,হোলীৰ আনন্দৰ মাজতে জনতাৰ মাজত বিয়পি পৰিব পাৰে আতংক সৃষ্টিকাৰী ক'ৰ'না।ইফালে,জিএমচিৰ উচ্ছেদকাৰী দলে প্ৰকাশ কৰা অনুসৰি পদপথৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অব্যাহত থাকিব অভিযান।

Your Comments