ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে কামৰূপ(ম)জিলাত ড্ৰাই ডে' ঘোষণা।অহা ৯ মার্চত জিলাখনত ড্ৰাই ডে' ঘোষণা কৰিছে জিলা প্ৰশাসনে।উক্ত দিনা বিয়লি ৪ বজালৈ জিলাখনত সকলো সুৰা বিপনী বন্ধ ৰখাৰ জিলা উপায়ুক্তই নির্দেশ প্ৰদান কৰিছে এটা নিৰ্দেশনা যোগে।
ইফালে,এই নিৰ্দেশনা যদি কোনো সুৰা বিপনীয়ে অমান্য কৰে,তেন্তে তেনে বিপনীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ আছে নিৰ্দেশনাটোত।বিপনীৰ লাইচেন্স পৰ্যন্ত বাতিল হ'ব পাৰে বুলি উল্লেখ আছে জিলা উপায়ুক্তৰ নির্দেশটোত।
উল্লেখ্য যে ৰঙৰ উৎসৱ ফাকুৱা পালনৰ সময়ত শান্তি-শৃংখলা বজাই ৰখাৰ লগতে সুন্দৰভাৱে যাতে সকলোৱে হোলীৰ আনন্দ ল'ব পাৰে,তাৰ বাবে ঘোষণা কৰা হৈছে ড্ৰাই ডে'।
- Log in to post comments
- 9 views