নৰেন শৰ্মা,বাহাৰঘাট:
'আমি জনাৰ বাবে অধ্যয়ন কৰিব লাগে আৰু জানি-বুজিয়ে কিবা এটা কৰাৰ যোগ্য কৰি তুলিব লাগিব৷জ্ঞানৰ দ্বাৰাই নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব লাগিব৷'এই বক্তব্য ৰঙিয়া শিক্ষন প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পাৰ্থফুকন মহন্তৰ৷শনিবাৰে কামৰূপ জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়৷তেওঁ কয় যে যোগ্যতা অনুসৰি মানুহ সকলো কৰ্মতে সফল হ'ব পাৰে৷মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড°ৰাতুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত হোৱা সভাখনত মহাবিদ্যালয়খনৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড°প্ৰভাত চন্দ্ৰ কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি বহুতো পৰামৰ্শ আগবঢ়ায়৷উল্লেখ্য যে সভাখনত মুখ্য অতিথি হিচাপে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক আমন্ত্ৰণ কৰিছিল যদিও বিধায়িকাগৰাকীয়ে সভাৰ পূৰ্বে মহাবিদ্যালয় খনত উপস্থিত হৈ মহাবিদ্যালয়খনৰ শৈক্ষিক বাতাৱৰণ আৰু আন্তঃগাঁথনিৰ বুজ লয়৷তদুপৰি,মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে আৰ্থিক অনুদান দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে বিধায়িকাগৰাকীয়ে৷সভাৰ পূৰ্বে ন-সতীৰ্থ নামৰ এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে সাংবাদিক নৰেন শৰ্মাই৷উক্ত সভাতে মহাবিদ্যালয় সপ্তাহত অনুুুষ্ঠিত হোৱা খেল-ধেমালি,সাহিত্য আৰু সুকুমাৰ কলা প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে৷সভাৰ আঁত ধৰে জ্যেষ্ঠ অধ্যাপক ড°পাচান আলীয়ে,সহযোগ কৰে অধ্যাপক তপন শৰ্মাই৷সভাৰ অন্তত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণীচৰন কলিতাই৷যোৱা দুই মাৰ্চৰ পৰা শনিবাৰলৈকে অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহৰ প্ৰথম দিনা পুৱা ১১ বজাত মহাবিদ্যালয় প্ৰাংগণৰ পৰা এটি বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সাংস্কৃতিক মহাসভা,অসমৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মাই৷শোভাযাত্ৰা উদ্বোধন কৰি শৰ্মাই কয় যে সংস্কৃতি সমন্বয়ৰ সোপান৷ইয়াকে সৰোগত কৰি অসমৰ। সকলো অনুুুষ্ঠান-প্ৰতিষ্ঠানে লোক-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিলে জাতীয় সংহতি ৰক্ষা পৰিব৷মহাবিদ্যালয়ৰ ইংৰাজী,অসমীয়া,সংস্কৃত,ৰাজনীতি বিজ্ঞান,অৰ্থনীতি, বিজ্ঞান,ইতিহাস,শিক্ষা,দৰ্শন,আৰৱী আদি বিভাগসমূহৰ ছাত্ৰ-ছাত্ৰী অধ্যাপক,অধ্যাপিকা তথা কৰ্মচাৰীসকলৰ দ্বাৰা অসমৰ বিভিন্ন কলা-সংস্কৃতিৰ প্ৰদৰ্শন কৰি উলিওৱা শোভাযাত্ৰাটোয়ে অঞ্চলবাসী ৰাইজক মোহিত কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি,মহাবিদ্যালয়খনৰ পুথিভঁৰাল কৰ্তৃপক্ষৰ পৰা 'কিতাপ পঢ়ো আহক' শীৰ্ষক প্ৰদৰ্শনে ৰাইজক মোহিত কৰিছিল৷উক্ত বিভাগীয় প্ৰদৰ্শনৰ মাজৰ পৰা চাৰিটা প্ৰদৰ্শনক বাচনি কৰি পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰে।আটাইশইকেইটা বিভাগীয় প্ৰদৰ্শনৰ পৰা ক্ৰমে প্ৰথম সংস্কৃত বিভাগ,দ্বিতীয় অসমীয়া বিভাগ,তৃতীয় আৰৱী বিভাগ আৰু বিচাৰকৰ বিশেষ বঁটা শিক্ষা বিভাগে লাভ কৰিবলৈ সক্ষম হয়।
- Log in to post comments
- 32 views