গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন বন্ধ কৰাৰ বাবে আদালতৰ দ্বাৰস্থ অপসাৰিত সম্পাদক নৱ ঠাকুৰীয়া

Pic

১৭ বছৰৰ পিছত অনুষ্ঠিত হ'ব লগা বহু প্ৰত্যাশিত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন।মুঠ দহটা পদৰ বাবে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনক লৈ প্ৰতিগৰাকী ভোটাৰৰ লগতে প্ৰতিগৰাকী প্ৰাৰ্থীৰ মাজত এতিয়া দেখা গৈছে ব্যাপক উচাহ।তাৰ মাজতে নিৰ্বাচনক বাধা দিবলৈ চেষ্টা প্ৰেছ ক্লাবটোৰ অপসাৰিত সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়া।বিগত ১৭টা বছৰে নীতি বৰ্হিভূতভাৱে সাধাৰণ সম্পাদক হিচাপে থকা ঠাকুৰীয়াই অহা ১২ মার্চত অনুষ্ঠিত হ'ব লগা নিৰ্বাচন বন্ধ কৰিবলৈ কাষ চাপিছে আদালতৰ।ঠাকুৰীয়াই নিৰ্বাচন কমিটীৰ বিৰুদ্ধে গোচৰ তৰাৰ লগতে আহ্বায়ক কমিটী আৰু প্ৰিজাইডিং অফিচাৰৰ বিৰুদ্ধে কাষ চাপিছে আদালতৰ।ঠাকুৰীয়াই দাবী নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা প্ৰেছ ক্লাবৰ ভোটাৰ তালিকা অবৈধ।উল্লেখ্য যে প্ৰয়োজনীয় প্ৰমাণ পত্ৰ দিব নোৱাৰাৰ বাবে ভোটাৰ তালিকাত নাম অহা নাই প্ৰাক্তন সম্পাদক ঠাকুৰীয়াৰ।ইতিমধ্যে ভোটাৰ তালিকাত ঠাকুৰীয়াৰ নাম নহাক লৈ নিৰ্বাচনী সমিতিয়ে স্পষ্ট কৰিছে সকলো কথা।

উল্লেখ্য যে বিগত ১৭ বছৰৰ হিচাপে দাখিল নকৰাৰ গুৰুতৰ অভিযোগ আছে ঠাকুৰীয়াৰ বিৰুদ্ধে।তাৰ বাবে বিশেষ সভাই বিগত বর্ষসমূহৰ বিত্তীয় হিচাপ গ্ৰহণ কৰাৰ বাবে গঠন কৰি দিয়া হৈছে তিনিজনীয় কমিটী।এমাহৰ ভিতৰত তিনিজনীয় কমিটীয়ে দিব সমগ্ৰ প্ৰতিবেদন।

আনহাতে,যোৱা ১মার্চত নৱ ঠাকুৰীয়াই হিচাপ দাখিল কৰিব নোৱাৰি কিছু কাগজ পত্ৰ জ্বলাই দিয়াৰ গুৰুতৰ অভিযোগ উথাপন হৈছিল।অভিযোগৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাবত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ।লতাশিল আৰক্ষী উপস্থিত হৈ পিছত সকলো নিয়ন্ত্ৰণ কৰিছিল।

Your Comments