অসুস্থ অখিল গগৈৰ প্ৰসংগই স্থান পালে ৰাষ্ট্ৰসংঘত

Pic

কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা তথা নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বিৰোধী আন্দোলনৰ অন্যতম গুৰি ধৰোতা অখিল গগৈৰ ওপৰত চলা গুৰুতৰ অত্যাচাৰৰ প্ৰসংগই স্থান পালেগৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত।"ভাৰতত আৰএছএছৰ দৰে সংগঠনৰ এতিয়া প্ৰভুত্ববাদী শাসন চলিছে।ফলত বিগত সময়চোৱাত দেশখনত দলিত,নাৰী, মানৱ অধিকাৰ কৰ্মীকে ধৰি বিভিন্ন লোকৰ সংবিধান প্ৰদত্ত সকলো অধিকাৰ কাঢ়ি নিয়া লোৱা হৈছে। এনে প্ৰেক্ষাপটতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে বান্ধি দিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত দেশখনত চলি থকা মানৱ অধিকাৰ খৰ্বৰ ঘটনা সন্দৰ্ভত ভাৰত চৰকাৰে প্ৰতিবেদন দাখিল কৰিব পৰা নাই। আনকি নিৰ্দিষ্ট সময়সীমা বঢ়াই দিয়াৰ পিছতো ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অৱজ্ঞা কৰি চলিছে ভাৰত চৰকাৰে"-এই গুৰুতৰ অভিযোগ ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰিছে ৱৰ্ল্ড অৰগেনাইজেশ্যন এগেইনষ্ট টৰ্চাৰ(অএনজিটি) আৰু এফআইডিএইচ নামৰ দুটা সংগঠনে।

উল্লেখ্য যে শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সন্মিলনত দুইটা সংগঠনৰ প্ৰতিনিধিয়ে লিখিত ভাষণ পাঠ কৰি অভিযোগ উত্থাপন কৰি কয়-"ভাৰত চৰকাৰে আনকি দেশজুৰি মানৱ অধিকাৰ খৰ্বৰ ঘটনাৰ বিৰুদ্ধে আৰু খিলঞ্জীয়াৰ অধিকাৰৰ হকে মাত মতা দেশৰ দুগৰাকী অগ্ৰণী মানৱ অধিকাৰ কৰ্মী অখিল গগৈ আৰু চন্দ্ৰশেখৰ আজাদক পৰিকল্পিতভাৱে কাৰাবন্দী কৰি ৰখাই নহয়,নূন্যতম আইনী সুবিধাৰ লগতে অসুস্থ দেহৰ চিকিৎসাৰ পৰাও বঞ্চিত কৰি ৰাখিছে।এনে এক পৰিস্থিতিত অখিল গগৈ আৰু আজাদৰ ওপৰত চলা অমানৱীয় অত্যাচাৰ তথা মানৱ অধিকাৰ খৰ্ব কৰি প্ৰাপ্য চিকিৎসাৰ পৰা বঞ্চিত কৰি ৰখা কাৰ্য সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈও ৰাষ্ট্ৰসংঘক অনুৰোধ জনাই সংগঠন দুটাই।

সংগঠন দুটাৰ লিখিত ভাষণত উল্লেখ আছে যে অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ পৰা বৰ্তমানলৈকে তেওঁৰ ওপৰত অন্যায়ভাৱে উপৰ্যুপৰি জাপি দিয়া গোচৰ আৰু চিকিৎসাৰ নামত অত্যাচাৰৰ ভেকো বিস্তৃত বিৱৰণ।কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ,যিয়ে কৃষকৰ প্ৰাপ্য অধিকাৰ বাবে দীৰ্ঘদিন ধৰি অসমত মাত মাতি আহিছে তেওঁক গুৰুতৰভাৱে অসুস্থ অৱস্থাতো অতি পৰিকল্পিতভাৱে কাৰাৰুদ্ধ কৰি ৰখা হৈছে বুলি পত্ৰখনত উল্লেখ কৰিছে।পত্ৰখনত উল্লেখ আছে যে কৃষক নেতাগৰাকী প্ৰচণ্ড ৰাজহাড়ৰ বিষৰ লগতে বৃক্কজনিত ৰোগত আক্ৰান্ত। তাৰ পিছতো ২০১৯ৰ ডিচেম্বৰ মাহৰ পৰাই ইটোৰ-পিছত সিটো গোচৰ জাপি দি আটক কৰি ৰখা হৈছে।

ইফালে,গগৈৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অসমৰ আদালতে দিয়া নিৰ্দেশ অমান্য কৰি চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নি দায়িত্ব সামৰি চিকিৎসাৰ কোনো ব্যৱস্থা নকৰাকৈ বাৰে বাৰে কাৰাগাৰলৈ ঘূৰাই অনা বুলি উল্লেখ কৰিছে। বিভিন্ন মানৱ অধিকাৰ সংগঠনে তেওঁক ৰাজ্যৰ বাহিৰত চিকিৎসা কৰোৱাৰ দাবী উত্থাপন কৰিছে যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সংগঠন দুটাই উল্লেখ কৰিছে।সংগঠন দুটাৰ হৈ জেনেভাত উপস্থিত হোৱা বিশেষ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত হাতে-হাতে প্লে’কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে।ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদক এই বিষয়ত হস্তক্ষেপ কৰিবৰ বাবে আবেদনখনৰ জৰিয়তে আহ্বান জনাইছে।

Your Comments