হাজোৰ পৰা কমলাকান্ত দাস:
হাজো আৰক্ষী থানাৰ অন্তৰ্গত খোপনিকুছিত শনিবাৰে বিয়লি প্ৰায় তিনি বজাত এখন যাত্ৰীবাহী টেম্প' দুৰ্ঘটনাত পতিত হৈ শিশু-মহিলাসহ আঠজনকৈ লোক গুৰুতৰভাৱে আহত হয়।জানিব পৰা মতে,শনিবাৰে দিনৰ প্ৰায় তিনি বজাত এ এছ ০১/ডি চি/৮০৮৬ নম্বৰৰ যাত্ৰীবাহী টেম্প'খনে হাজো দিশৰ পৰা যাত্ৰী লৈ বিজুলীঘাট অভিমুখে গৈ থকা অৱস্থাত হাজোৰ খোপনিকুছিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এডাল গছত তীব্ৰ জোৰেৰে খুণ্ডা মাৰে।ফলত টেম্প'খনৰ সন্মুখভাগ সম্পূৰ্ণ চূচুৰ্মৈ হোৱাৰ লগতে টেম্প'খনত থকা আটাইকেইগৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।এই দুৰ্ঘটনাত হাজোৰ কোঁঁৱৰপুৰ বালাৰ ছালেহা বিবি(৪৪),আমিনা বেগম (২৩)ৰহিমা বেগম(৬),আলহীৰ ঘৰলৈ অহা পুৰীৰ সুন্দৰী বাছমল (১৪),হাজোৰ হীৰাজেনীৰ মইদুল ইছলাম (১২),বাবজান বিবি(৬০),বৰপেটাৰ তাৰাবাৰীৰ জামালুদ্দিন (৩৭)আৰু হাজো চৰাবড়ী বিলপাৰৰ চান্দ মহম্মদ (৫১) গুৰুতৰভাৱে আহত হয়।আহতসকলক ততালিকে স্থানীয় ৰাইজে হাজো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা গুৰুতৰ হোৱাত চিকিৎসকে জিএমচিএইচলৈ প্ৰেৰণ কৰে।উল্লেখ্য যে দুৰ্ঘটনাগ্ৰস্ত টেম্প'খনত যাত্ৰী হিচাপে যোৱা অনিমা বেগমে তেওঁৰ দুমহীয়া সন্তানটোক কোনো হানি-বিঘিনি নোহোৱাকৈ দুৰ্ঘটনাটোৰ পৰা উদ্ধাৰ কৰা কাৰ্যৰ ৰাইজে প্ৰশংসা কৰে।
- Log in to post comments
- 14 views