বঙাইগাঁৱৰ প্ৰতিবেদক:
সমান কামত সমান মজুৰি প্ৰদান কৰা,কৰ্মস্থলীত মহিলাৰ সুৰক্ষা প্ৰদান কৰা আৰু ঐক্য বিৰোধী 'কা' বাতিলৰ দাবীত শুকুৰবাৰে শ্ৰমজীৱী মহিলাৰ দেশজোৰা জেল ভৰো কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁৱতো শ্ৰমজীৱী মহিলাৰ সমন্বয়ৰক্ষী সমিতিৰ জৰিয়তে চিআইটিইউৱেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত তিনি শতাধিক মহিলাই অংশগ্ৰহণ কৰে।উল্লেখ্য যে শ্ৰমজীৱী মহিলাৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত প্ৰথমে মহিলাসকল স্থানীয় গান্ধী ময়দানত সমবেত হয় আৰু পিছত এটা প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ,সমান কামত সমান মজুৰি আদায় দিয়ক,ঐক্য বিৰোধী 'কা' বাতিল কৰক,ৰন্ধন কৰ্মীসকলৰ বাবে বাজেটত অতিৰিক্ত মাননি আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰক আদি বিভিন্ন দাবীত শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বঙাইগাঁও জিলা সমিতিয়েও অংশগ্ৰহণ কৰে।
- Log in to post comments
- 11 views