নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি গাঁৱৰ প্ৰায় তিনিশ বছৰ পুৰণি সাৰ্বজনীন গৰখীয়া থানখনিত ৰাইজে প্ৰতি বছৰে পালন কৰি অহা দৌল উৎসৱটি চলিত বৰ্ষতো বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে পালন কৰিব।ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ গৰকি এইবাৰ ২৭ তম্ বৰ্ষত পদাৰ্পণ কৰিছে।বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলন তীৰ্থ হিচাপে প্ৰতিষ্ঠিত হৈ পৰা সাৰ্বজনীন গৰখীয়া থানখনিত এইবেলি উদ্যাপন হ’বলগীয়া দৌল উৎসৱৰ কাৰ্যসূচী অনুসৰি অহা ৮ মাৰ্চৰ পুৱা থানৰ শুভাকাংক্ষী ভক্তবৃন্দৰ দ্বাৰা স্বচ্ছতা অভিযান আৰু পৰিৱেশ নিকাকৰণ, থানৰ পৰম হিতৈষী,জ্যেষ্ঠ নাগৰিক,সমাজসেৱকসকলৰ দ্বাৰা গছ পুলি ৰোপণ,দান-বৰঙণি/শৰাই সফুঁৰা গ্ৰহণ,সাংস্কৃতিক শোভাযাত্ৰা,মধ্যাহ্ন প্ৰসঙ্গ আৰু কীৰ্তন পাঠ।দুপৰীয়া ১২-৩০ বজাত প্ৰসাদ বিতৰণ আৰু ভকতক আপ্যায়ন,বিয়লি ২ বজাত স্থানীয় আই-মাতৃসকলৰ দ্বাৰানাম পৰিৱেশন,৩-০০ বজাত ভক্তসকলে দিবলগা দানপাত্ৰসমূহ সংগ্ৰহ,৫-০০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন,৫-৩০বজাত শুকুলা শয্যাত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান, ৬-০০বজাত সমূহীয়া বন্তি প্ৰজ্বলন আৰু মঙ্গলধ্বনিৰ অন্তত সন্ধ্যা ৬-৩০ বজাত সন্ধ্যা প্ৰসঙ্গ আৰু কীৰ্তন পাঠ।
দ্বিতীয় দিনা ৯ মাৰ্চৰ কাৰ্যসূচী অনুসৰি পুৱা মণিকূট আৰু দৌল মন্দিৰত বন্তি প্ৰজ্বলন,অঞ্চলৰ ২৫ টা নামঘৰৰ পৰা এখনকৈ ধৰ্মধ্বজা উত্তোলন আৰু এভাগকৈ জল কলছি লৈ গৰখীয়া থানলৈ যাত্ৰা আৰম্ভ, গৰখীয়া থানত দৌল উৎসৱ উদ্যাপনৰ ২৭ বৰ্ষ উপলক্ষে ২৭ ভাগ ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ,গোঁসাই স্নান,দৌল প্ৰতিষ্ঠা আৰু ভকতক দৌলৰ নিৰ্মালি প্ৰদান,কীৰ্তন পাঠ, খোল প্ৰসঙ্গ আৰু নাম প্ৰসংগ,বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু দিনৰ ১২-০০ বজাত নৃসিংহ মূৰ্তি উন্মোচন।১২-৩০বজাত প্ৰসাদ বিতৰণ আৰু সমূহ ভক্তবৃন্দক আপ্যায়ন,বিয়লি ১-০০বজাত আমন্ত্ৰিত নামতী দলৰ নাম পৰিৱেশন।সন্ধ্যা ৬-০০ বজাত সমূহীয়া বন্তি প্ৰজ্বলন,সন্ধ্যা প্ৰসঙ্গ আৰু মঙ্গলধ্বনি।৭-০০ বজাত সম্বৰ্ধনা,সাহায্য প্ৰদান আৰু শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান।৮-০০ বজাত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী গৌৰাঙ্গ ৰাগ আৰু চিন্ময় অনুৰাগৰ ভক্তিমূলক নৃত্য-গীত পৰিৱেশন।তৃতীয় দিনা ১০ মাৰ্চৰ পুৱা স্বচ্ছতা আৰু পৰিৱেশ নিকাকৰণ, গাম্ভীৰ্যপূৰ্ণ পৰিৱেশেৰে আৰু ভকতি ভাবেৰে সমদল যাত্ৰা কৰি আৰম্ভ হ’বলগীয়া হোলী খেল অনুষ্ঠান ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাৰ দ্বাৰা উদ্বোধন,১০-৩০বজাত কীৰ্তন পাঠ,খোল প্ৰসঙ্গ আৰু নাম প্ৰসঙ্গ,দুপৰীয়া ১২-০০ বজাত প্ৰসাদ বিতৰণ আৰু ভক্তবৃন্দক আপ্যায়ন, ১২-৩০ বজাত আমন্ত্ৰিত নামতী দলৰ নাম পৰিৱেশন,সন্ধ্যা ৬-০০ বজাত সমূহীয়া বন্তি প্ৰজ্বলন আৰু মঙ্গলধ্বনি,৭-০০ বজাত জোৰা ধেমালি,৮-০০ বজাত চকলাঘাট মহিলা সমাজৰ দ্বাৰা কেলিগোপাল অঙ্কীয়া ভাওনা প্ৰদৰ্শনৰ অন্তত নিশা ১২-০০ বজাত সমূহীয়া ঘোষাৰে নৈশ জিৰণি।চতুৰ্থ দিনা অৰ্থাৎ ১১ মাৰ্চৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা স্বচ্ছতা আৰু পৰিৱেশ নিকাকৰণ,কীৰ্তন পাঠ, খোল প্ৰসঙ্গ,নাম প্ৰসঙ্গ,দিনৰ ১২-৩০ বজাত প্ৰসাদ বিতৰণ,বিয়লি ২-০০ বজাত অঞ্চলৰ মহিলাসকলৰ মুকলি নাম পৰিৱেশন।নিশা ৯-০০ বজাত অঞ্চলৰ বাছকবনীয়া যুৱক-যুৱতী শিল্পীসকলৰ দ্বাৰা বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য ৰচিত সামাজিক নাট ’মায়া মাথোঁঁ মায়া" পৰিৱেশনৰ পৰিশেষত নিশা ১২-০০ বজাত ধৰ্মধ্বজা অৱনমন আৰু সমূহীয়া ঘোষাৰে চাৰিদিনীয়া দৌল মহোৎসৱ কাৰ্যসূচীৰ সামৰণি পৰিব।উৎসৱ উদ্যাপন সমিতিৰ সভাপতি মহিন্দ্ৰ মহন্ত আৰু সাধাৰণ সম্পাদক মিহিৰাম নাথে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা বিচাৰিছে ৷
- Log in to post comments
- 26 views