'দৰিদ্ৰ পৰিয়ালক বছৰি ১০,০০০ টকা,বিনামূলীয়া চাউল,বিনামূলীয়া ৩০ ইউনিট বিদ্যুৎ'-বাজেটত সোণোৱাল চৰকাৰৰ দৰিদ্ৰ কল্যাণ

Pic

সোণোৱাল চৰকাৰৰ শেষৰখন বাজেটত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ নাগৰিকসকলক উপকৃত কৰিবলৈ সম্পূৰ্ণ প্ৰয়াস কৰা পৰিলক্ষিত হ'ল।ৰাজ্যৰ ২৭ লাখ দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালক প্ৰতি বছৰে ১০,০০০ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে।তদুপৰি,দৰিদ্ৰ পৰিয়ালসমূহক ঔষধ ক্ৰয় কৰিবলৈ ৪০০ টকা আৰু দাইল,চেনী,ফল-মূল ক্ৰয় কৰিবলৈ ৪৩০ টকা প্ৰদান কৰা হ'ব।ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰী পৰিয়ালসমূহক বিনামূলীয়াকৈ চাউল প্ৰদান কৰা হ'ব।আনহাতে,সকলো বিদ্যুৎ গ্ৰাহকক ৩০ ইউনিটককৈ বিদ্যুৎ বিনামূলীয়াকৈ দিয়াৰ এটা গুৰুত্বপূৰ্ণ ঘোষণাও কৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Your Comments