গুৱাহাটীৰ আইএছবিটিত কেএলঅত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক

Klo

নিউজ ডেস্ক :
কিছুদিনৰ পূৰ্বে ৰাজ্যৰ বহুসংখ্যক সশস্ত্ৰ সংগ্ৰামীয়ে অস্ত্ৰ সম্বৰণ কৰাৰ সময়তে কমতাপুৰ লিবাৰেচন  অৰগেনাইচন চমুকৈ কেএলঅত যোগদানৰ উদ্দেশ্যেৰে গুৱাহাটী আইএছবিটিৰ পৰা ম্যানমাৰলৈ যোৱাৰ পথত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় সংগঠনটোৰ তিনিজন সদস্য।ধৃত সদস্য কেইজনক 
ক্ৰমে দিপক বৰ্মন গোকুল কাটা গোসাইবাৰী, মানিক বৰ্মন গোসাইগাওঁ, 
ধন কুমাৰ ৰায় গুৱাবাৰী গোসাইগাঁও বুলি জানিব পৰা গৈছে।

আটক কৰা সদস্য কেইজনে প্ৰকাশ কৰা অনুসৰি সংগঠনটোৰ অধ্যক্ষ জীৱন সিংৰ লগত যোগাযোগ কৰিছিল দীপক বৰ্মনে।ইফালে জানিব পৰা মতে মানিক বৰ্মন আৰু ধন কুমাৰ ৰয় পূৰ্বতে কেৰেলাত কৰ্মৰত আছিল।

উল্লেখ যে পশ্চিম গুৱাহাটীৰ আৰক্ষীৰ এটা দলে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত গুৱাহাটী আইএছবিটিত অভিযান  চলাই এই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়।

প্ৰাথমিক জেৰাত তেওঁলোকৰ দীর্ঘদিনীয় দাবী পৃথক কমতাপুৰ নিদিয়াৰ ক্ষোভতেই হালদিবাৰী অঞ্চলৰ বহু যুৱকেই সশস্ত্ৰ সংগ্ৰামলৈ গতি কৰা বুলিও আৰক্ষীৰ আগত মন্তব্য প্ৰদান কৰে।

Your Comments