হোলীৰ পিছতেই "কা" সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ শুনানি

Hc

নিউজ ডেস্ক :

হোলীৰ পিছতেই দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানি।হোলীৰ চৰকাৰী বন্ধৰ পিচতেই শুনানি প্ৰদান কৰিব বুলি উল্লেখ কৰিছে ন্যায়ালয়ে।উল্লেখ্য যে কংগ্ৰেছৰ অধিবক্তা কপিল চিবালে অতি শীঘ্ৰে "কা" সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ প্ৰসংগ উত্থাপন কৰিছিল।সেই প্ৰসংগত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কয় যে "সাবৰিমালা ৰায়ৰ পিচতেই গ্ৰহণ কৰা হ'ব "কা" সন্দৰ্ভত শুনানি"।

আনহাতে কেন্দ্ৰীয় চৰকাৰে আগন্তক দুদিনৰ ভিতৰত আদালতত দাখিল কৰিব প্ৰতিবেদন।গুৰুত্বপূৰ্ণ কথা এই যে ২২জানুৱাৰীত কেন্দ্ৰক উচ্চতম ন্যায়ালয়ে বান্ধি দিছিল প্ৰতিবেদন দাখিলৰ বাবে চাৰি সপ্তাহৰ সময়সীমা।

ইফালে গুৰুত্বপূৰ্ণ কথা এই যে অসম আৰু ত্ৰিপুৰা বাবে ইতিমধ্যে আদালতে পৃথকে গ্ৰহণ কৰিব শুনানি। সমগ্ৰ দেশৰ পৰা প্ৰায় ১৫০ৰো অধিক পিআইএল দাখিল হৈছিল আদালতত।

Your Comments