অখিল গগৈৰ অসুস্থতা সন্দৰ্ভত আজি নিয়া আদালতৰ গুৰুত্বপূৰ্ণ শুনানি

Akhil gogoi

নিউজ ডেস্ক :
কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ কৃষক নেতা অখিল গগৈৰ চিকিৎসা সন্দৰ্ভত আজি নিয়াৰ আদালতে প্ৰদান কৰিব গুৰুত্বপূৰ্ণ ৰায়।ইতিমধ্যে গগৈৰ অসুস্থতা সম্পৰ্কত যোৱা বুধবাৰে নিয়া আদালতে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ শুনানি।উক্ত শুনানিৰ পিছতেই আজি প্ৰদান কৰা হ'ব ৰায়।


উল্লেখ্য যে যোৱা শনিবাৰৰ পৰা কাৰাৰুদ্ধ গগৈৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে।বিছনাৰ পৰাই উঠিব পৰা নাই বুলি জানিব পৰা গৈছে ।আনহে নালাগে অসুস্থ স্বামীক সাক্ষাৎ কৰিবলৈ যোৱা পত্নী গিতাশ্ৰী তামূলীকো কাৰাগাৰৰ বিছনাৰ পৰা উঠি আহি অসুস্থ গগৈয়ে মংগলবাৰে সাক্ষাৎ কৰিব পৰা নাছিল।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশতে বুধবাৰে কাৰাগাৰত গগৈৰ স্বাস্থ্যৰ পৰীক্ষা কৰাৰ বাবে উপস্থিত হয় এটা পাঁচ জনীয়া বিশেষজ্ঞ চিকিৎসকৰ দল।

Your Comments