পাঁচ মাৰ্চৰ পৰা সপ্তম মিচিং যুৱ মহোৎসৱ :গোমৰাগ নৃত্য-ঐ নিঃতমৰ সুৰৰ মাজেৰে মুকলি কৰিলে মিচিং আৰ্হিৰ চাংঘৰ

Majuli

ৰাজীৱ পাতিৰ, মাজুলী,১ মাৰ্চ: 
গোমৰাগ নৃত্য, ঐ নিঃতম,ঢোলৰ শব্দৰ সংমিশ্ৰিনত গঢ়ি উঠা এক উখল-মাখল পৰিৱেশৰ মাজেৰে দেওবাৰে সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱৰ অন্যতম অনুষ্ঠান মিচিং জনগোষ্ঠীয় আৰ্হিৰ চাংঘৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উল্লেখ্য যে অহা ৫ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নৈৰ পাৰত অনুষ্ঠিত হ'ব লগা সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱৰ বাবে আটক ধুনীয়াকৈ সাজি উলিওৱা এই চাংঘৰটো ৰাইজৰ সেৱাত মুকলি কৰাৰ বাবে মিচিং ধৰ্মীয় আৰু পৰম্পৰাগতগত ৰীতি-নীতিৰে মাংগলিক কাৰ্য সম্পাদন কৰা হয়।

Majuইয়াৰ পিছত অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা মিচিং মিমাগ কেবাংৰ সাধাৰণ সম্পাদক প্ৰেমধৰ দলেই । চাংঘৰ মুকলি অনুষ্ঠানৰ সংগতি ৰাখি এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীয়ো অনুষ্ঠিত কৰা হয়। মাজুলীৰ কাৰ্কিচুক কৃষ্টি দল,বালি জকাইবোৱা কৃষ্টি দল,অবিভক্ত জেংৰাইমুখ কৃষ্টি দল,সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱৰ কোৰাচ দল আদিৰ লগতে মাজুলীৰ বিশখন  গাঁৱৰ মহিলা কৃষ্টি দলৰ সদস্যাৰ সৈতে প্ৰায় দুই শতাধিক নাচনী, ঢুলীয়া,তালিয়াকে ধৰি বিভিন্ন শিল্পীয়ে মিচিং জাতীয় সাজপাৰ পৰিধান কৰি ঐনিঃতম তথা গোমৰাগ নৃত্যৰে মুখৰিত কৰি তোলে সমগ্র মহোৎসৱৰ বাকৰি।পুৰুষ-মহিলা, আবাল-বৃদ্ধ,বনিতা, যুৱক-যুৱতী আদি সকলো একাকাৰ হৈ এক অন্যন্য সাংস্কৃতিক পৰিৱেশ সৃষ্টিৰ মাজেৰে মিচিং জনগোষ্ঠীৰ লোকসকলে ঐক্য তথা সম্প্ৰীতিৰ পৰিচয় ফুটাই তোলে।আসন্ন এই মহোৎসৱৰ কাৰ্যসূচী সফল কৰি তোলাৰ বাবে এক সজাগতা সভাও অনুষ্ঠিত হয়। উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ পেগুৱে আঁত ধৰা অনুষ্ঠানত মিচিং বানে কেবাংৰ সাধাৰণ সম্পাদক ৰাজু মেদকে আগন্তুক মিচিং যুৱ মহোৎসৱৰ কাৰ্যসূচীৰ বাবে সকলো মিচিং ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে সফল হোৱাটো সম্ভৱ নহয় বুলি ব্যক্ত কৰে।

Mমহোৎসৱৰ লক্ষ্য-উদ্দেশ্য আগুৱাই নিব হ'লে প্ৰত্যেকগৰাকী লোকে শ্ৰমিক হিচাপে আত্ম নিয়োগ কৰিবই লাগিব বুলিয়ো  উল্লেখ কৰে মিচিং বানে কেবাংৰ সাধাৰণ সম্পাদক গৰাকীয়ে । এই অনুষ্ঠানত কেন্দ্ৰীয় মিচিং যুৱ মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা জোনাইৰ বিধায়ক ভূৱন পেগু, মিচিং বানে কেবাংৰ সচিব তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিজু পেগু,সাধাৰণ সদস্য  অনিল পায়েং,টি এম পি কে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তিলক দলে,অনাতাঁৰ শিল্পী অমিয় কুমাৰ চিৰাং আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া তথা সাংস্কৃতিক কৰ্মী উপস্থিত থাকে । ইপিনে মহোৎসৱৰ পৰিকল্পনা, বিভিন্ন আঁচনি,অভ্যৰ্থনা তথা বিভিন্ন যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত মহোৎসৱৰ থলীতে  জোনাইৰ বিধায়ক ভূৱন পেগুৱে সংবাদ মেল অনুষ্ঠিত কৰে । বৰ্তমান সময়ৰ গোলকীকৰণ ব্যৱস্থাই   মিচিং জনগোষ্ঠীৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীলৈ ভাবুকি কঢ়িয়াই আনিলেও ইয়াৰ মাজতে কেনেকৈ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিব পাৰে সেয়াই সপ্তম সংখ্যক যুৱ মহোৎসৱৰ মূল কথা বুলি ব্যক্ত কৰে বিধায়ক পেগুৱে।তেওঁ লগতে সকলো জাতি,ধৰ্ম,বৰ্ণ ,সম্প্ৰদায়ৰ লোকৰ একান্ত সহায়-সহযোগিতায়ো কামনা কৰে।

Your Comments