মৃণাল ডেকা,শুৱালকুছি:
বিনা বেতনৰে দীৰ্ঘদিন শিক্ষকতা কৰি চকু পানী টুকি অৱসৰ গ্ৰহণ কৰিলে আকৌ এগৰাকী শিক্ষকে। এই দুৰ্ভগীয়া শিক্ষকগৰাকী হ’ল শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিজ সমষ্টিৰ পছৰীয়া কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সোণাৰাম কলিতা।কামৰূপৰ পছৰীয়া নিবাসী এই গৰাকী শিক্ষকে কামৰূপ জিলাৰ পছৰীয়া ৰাম সৰস্বতী কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ত ৩৫ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি জ্ঞানৰ পোহৰ বিলাই অৱসৰৰ সময়ত নিজে অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হ’বলগীয়া হৈছে।৩৫ বছৰীয়া শিক্ষকতাৰ কাৰ্যকালত এদিনৰো চৰকাৰী দৰমহা নোপোৱাকৈ ৩১ জানুৱাৰী তাৰিখে শঅৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকীক দেওবাৰে বিদ্যালয়খনত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়।সুদা হাতে এগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুক বিদায় দিবলগীয়া হোৱাত সকলো আৱেগিক হৈ পৰে।স্থানীয় ৰাইজ তথা পৰিচলনা সমিতিয়ে এখন প্ৰশস্তি পত্ৰ, এটি ছাতি,এখন ভাগৱত গীতাৰে শিক্ষকগৰাকীক বিদায় সম্ভাষণ জনায়।সভাত দিয়া বিদায়ী ভাষণত শিক্ষকগৰাকীয়ে কয়,'চৰকাৰী ধনৰে মোৰ অৱসৰৰ পিচত এটা নিজা ঘৰ নিৰ্মাণৰ সপোন আছিল।কিন্তু সেয়া হৈ নুঠিল।বিনা পেঞ্চনৰে বৃদ্ধ বয়সত মোৰ পৰিয়ালৰ ভৰণ পোষণত দিয়াত যথেষ্ট অসুবিধা হ’ব।অতি দৰিদ্ৰ হৈও শিক্ষাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত হৈ বিনা বেতনে অৱসৰ গ্ৰহণ কৰি কলিতা আৱেগিক হৈ পৰে।এতিয়াৰে পৰা মোৰ কি হ’ব সেয়া মই নাজানো বুলি কৈ পুনৰাই তেওঁ চৰকাৰলৈ অনুৰোধ জনাই কয়-'মোৰ দৰে দুৰ্ভীয়া শিক্ষকসকলে দীৰ্ঘ জীৱন শিক্ষকতাৰ বিনিময়ত অৱসৰৰ পিছত যাতে অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিব নালাগে,তাৰ প্ৰতি চৰকাৰে গুৰুত্ব দিব লাগে ৷বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উদ্ধৱ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই কয় যে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীৰ নিজ সমষ্টিত বিনা বেতনে এগৰাকী শিক্ষকে ৩৫ বছৰ শিক্ষকতা কৰি অৱসৰ লোৱাটো অতিকৈ দুৰ্ভাগ্যজনক।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰঘুনাথ কুমাৰে।উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী প্ৰমুখ্যে স্থানীয় ব্যক্তিসকল।উল্লেখ্য যে কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অৰ্ন্তগত পূৱ বংশৰ মৌজাৰ পছৰীয়াত ১৯৮৫ চনত ৰাম সৰস্বতী কন্যা উচ্চ মাধ্যমিক বিদ্যালয়খন স্থানীয় ৰাইজে প্ৰতিষ্ঠা কৰিছিল।১৯৯৩ চনত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰে।বিদ্যালয়খনে ২০১৩ চনত প্ৰাদেশীকৰণ হোৱাৰ পথত আগবাঢ়িছিল যদিও সেই সময়ৰ শাসকীয় কংগ্ৰেছ দলৰ কুটিল ৰাজনীতিৰ বাবে বিদ্যালয়খন প্ৰাদেশীকৰণ নহ’ল।তাৰ ফলত শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত হৈয়ো বিদ্যালয়খনৰ শিক্ষকসকলে প্ৰাপ্য লাভ নকৰি পেটত গামোচা বান্ধিব লগীয়া হৈছে।এই দুৰ্ভগীয়া শিক্ষকসকলৰ প্ৰতি সদয় হোৱাৰ বাবে স্থানীয় ৰাইজে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিনম্ৰ অনুৰোধ জনাইছে৷
- Log in to post comments
- 14 views