নগাঁৱৰ কামপুৰত 'সাংবাদিকতাত দক্ষিণ নগাঁও' উন্মোচন

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

"আৱেগত কোনোৱে সাহিত্য সৃষ্টিৰ বাবে কলম তুলি ল'ব নালাগে।মননশীল চিন্তা-চৰ্চাৰে তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰিলেহে তেনে গ্ৰন্থই সমাজ তথা এটা জাতিক প্ৰগতিৰ বাটেৰে আগুৱাই নিব পাৰিব।"-এই মন্তব্য বিশিষ্ট সাহিত্যিক,সুবক্তা তথা জ্যেষ্ঠ আৰক্ষী বিষয়া ড° নন্দ সিং বৰকলাৰ।দেওবাৰে কামপুৰ উন্নতি সাধিনী সভাৰ কাৰ্যালয়ত সভাৰ স্থায়ী সভাপতি নৱকান্ত বৰুৱাৰ পৌৰহিত্যত তৰুণ প্ৰজন্মৰ এগৰাকী কবি আৰু 'নিউজ লাইভ' চেনেলৰ সংবাদদাতা ৰাজু সমীৰণৰ 'সাংবাদিকতাত দক্ষিণ নগাঁও' শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি ড° নন্দ সিং বৰকলাই আৰু কয় যে সাংবাদিক ৰাজু সমীৰণে লিখা গ্ৰন্থখনি কেৱল দক্ষিণ নগাঁৱৰ সাংবাদিকসকলৰ বাবেই নহয়,ই সকলো সাংবাদিকৰ বাবেও আদৰ্শ স্বৰূপ হৈ উঠক।তেওঁ লগতে কয় যে সাংবাদিকসকলে সদায় নাৰদৰ ভূমিকা পালন কৰি দায়বদ্ধতাৰে সমাজৰ সেৱা কৰাৰ লগতে এগৰাকী সমাজ সচেতক ব্যক্তি ৰূপে নিজকে পৰিচয় দিয়াৰ প্ৰয়োজন।সাংবাদিকসকল এনেকুৱা এটা শক্তি,যদি সঠিকভাৱে সমাজৰ সেৱা কৰে তেন্তে কোনো অপশক্তিয়ে ইয়াক ৰুধিব নোৱাৰে। 

Pic

সভাত উপস্থিত থাকি নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই কয় যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংবাদ জগতৰো পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনৰ লগত সকলো সাংবাদিকেই খোজ মিলাই আগুৱাই যাব লাগিব।অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ মোলান লষ্কৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত জ্যেষ্ঠ নাগৰিক মাধৱ লষ্কৰ,গজেন লষ্কৰ,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা,সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ :নতুন কবিতা'ৰ সম্পাদক মদাৰজ্যোতি,সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী, নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা,বিশিষ্ট সাহিত্যিক বিনু লষ্কৰ ঠাকুৰীয়া, সমাজকৰ্মী বিভূতি ভূষণ বৰঠাকুৰ, ৰাজু সমীৰণৰ পিতৃ কমল চন্দ্ৰ শইকীয়া,জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ,প্ৰমোদ বৰা,কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতি,মাহেকীয়া 'ৰণাংগন' আলোচনীৰ সম্পাদক মিন্টু দাস,সাংবাদিক দীপক কুমাৰ শৰ্মা, ঋতুপৰ্ণ শৰ্মা,ফুনু শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি তথা দক্ষিণ নগাঁৱৰ সাংবাদিকসকল আৰু অঞ্চলটোৰ শতাধিক নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত উক্ত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।সভাৰ আৰম্ভণিতে সম্প্ৰতি চিকিৎসাধীন হৈ থকা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, পংকজ বৰদলৈ,জ্যেষ্ঠ কবি দিলীপ ফুকন আৰু জননেতা অখিল গগৈৰ আশু-আৰোগ্য কামনা কৰাৰ লগতে সদ্য প্ৰয়াত মৰিগাঁৱৰ যুৱ কবি বিনন্দ বৰদলৈ,'শব্দবোৰ শইচৰ জোনাকত' শীৰ্ষক কাব্যগ্ৰন্থৰ কবি ৰূপম কুমাৰ শৰ্মা আৰু শোণিতপুৰ জিলাৰ জামুগুৰিৰ জ্যেষ্ঠ কবি নৰেন হাজৰিকাৰ বিদেহ আত্মাৰ সদগতি প্ৰাৰ্থনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।

Your Comments