বৰভাগৰ পৰা সঞ্জয় দাস:
বিটিচিত ভাৰতীয় জনতা পাৰ্টী অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে।বিটিচি নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত ১ মাৰ্চতহে সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই।যোৱা ২৭ ফেব্ৰুৱাৰীত সাংসদগৰাকীয়ে আবেলি নলবাৰীৰ মৈৰাদাংস্থিত শংকৰদেৱ জৈৱিক কৃষি পাম পৰিদৰ্শন কৰি সাংবাদিকেৰে মুখামুখি হোৱাত বিটিচি নিৰ্বাচন সন্দৰ্ভত এনেদৰে মন্তব্য আগবঢ়ায়।আনহাতে 'আছু'ৱে ৰাজনৈতিক দল গঠন কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কোনোবাই ৰাজনৈতিক দল গঠন কৰিলে আমাৰ তাত আপত্তি কৰিবলগা একো নাই।আমি শুভেচ্ছাহে জনাম।পূৰ্বতেও আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজত হোৱা ক্ষমতাকেন্দ্ৰিক খোৱা-কামোৰাবোৰ ৰাইজে প্ৰত্যক্ষ কৰিছে বুলিও সাংসদ গৰাকীয়ে দোহাৰে।দল গঠন কৰি নেতৃত্বৰ কিবা লাভ হ'ব পাৰে,কিন্তু অসমৰ ৰাইজৰ একো লাভ নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।ইফালে অখিল গগৈয়ে ৰাজনৈতিক দল গঠনৰ পোষকতা কৰা সম্পৰ্কতো তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিহাৰত জেলত থাকি নিৰ্বাচন খেলা শুনিছিলো,অসমত এই পৰম্পৰা নাছিল।যদিহে সেয়াই হয়, ইয়াক অসমৰ ৰাইজে কেনেদৰে লয় সেয়া লক্ষণীয় হ'ব।
উল্লেখ্য যে নলবাৰীৰ মৈৰাদাঙত প্ৰায় পাঁচশ বিঘা ভূমি সামৰি ৰঙালাউ,পানীলাউ,জিকা,তিঁয়হকে ধৰি বিভিন্ন কৃষিকৰ্মৰ সৈতে জড়িত ছয়গৰাকী নিবনুৱা যুৱকে দেখুওৱা আদৰ্শত সাংসদগৰাকী অভিভূত হৈ পৰে।ইফালে,নিবনুৱাকেইজনৰ স্বাৱলম্বিতাৰ নিদৰ্শন শংকৰদেৱ জৈৱিক কৃষি পামখন পাগলদিয়া নদীৰ তীব্ৰ গড়া খহনীয়াৰ সন্মুখীন হোৱাত সাংসদ দিলীপ শইকীয়াই যুৱককেইজনক সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে।
- Log in to post comments
- 6 views