হাজোত দুই নাৰী সৰবৰাহকাৰীক উত্তম-মধ্যম সোধাই গতালে আৰক্ষীক

হাজোৰ পৰা কমলাকান্ত দাস: হাজো আৰক্ষী থানাৰ অন্তৰ্গত আধিয়াৰপাৰাৰ এগৰাকী যুৱতী বিগত পাঁঁচ দিনে নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে,হাজোৰ আধিয়াৰপাৰাৰ মজনুৰ আলীৰ কন্যা আঠাইশ বছৰ বয়সীয়া আঞ্জুৱাৰা বেগম যোৱা ২৩ ফেব্ৰুৱাৰীত দিনৰ এঘাৰ বজাত বানাত মাদ্ৰাছালৈ যাম বুলি ঘৰৰ পৰা ওলাই যায়। বহু দেৰিলৈ যুৱতী গৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে।বিগত চাৰিটা দিনে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো শুংসুত্র নোপোৱাত ইতিপূৰ্বে যুৱতীগৰাকীৰ ককায়েক মজনুৰ আলীয়ে হাজো থানাত এজাহাৰ দাখিল কৰে।তেনে সমযতে শনিবাৰে দুপৰীয়াৰ ভাগত দুই নাৰী সৰবৰাহকাৰীয়ে অইন এগৰাকী বিবাহিতা মহিলাক ফোনযোগে বিবাহৰ বাবে মাতি অনা বুলি জানিব পাৰে। উল্লেখ যে যোৱা ২৩ ফেব্ৰুৱাৰীত আনজুমা বেগম নামৰ মহিলাগৰাকী নোহোৱা হোৱাৰ পিছত একেটি ফোন নম্বৰৰ জৰিয়তে আনজুমাৰ আত্মীয় বৌয়েক অহেদূৰ ৰহমানৰ পত্নী জেৰিণা বেগমক ফোনযোগে বিবাহৰ প্ৰলোভন দিয়ে।ইফালে, এনেকুৱা ঘটনাৰ বিষয়ে পৰিয়ালে জানিব পাৰি নাৰী সৰবৰাহকাৰীক আটক কৰিবলৈ কৌশল ৰচনা কৰে পৰিয়াল লোকে।সেই মতেই শনিবাৰে পুৱাৰ ভাগত জেৰিণালৈ ফোন কৰাত শতেওঁ নাৰী সৰবৰাহকাৰীক হাজোলৈ মাতি আনে । সেই অনুসৰি তেওঁলোক হাজোলৈ অহাৰ সময়তে পূৰ্বৰে পৰাই খাপ পাতি ধৰিবলৈ ৰৈ থকা পৰিয়ালৰ লোকে দুই নাৰী সৰবৰাহকাৰীয়ে পলাই যাবলৈ ধৰোতেই এখন গাড়ীৰ পৰা খেদি খেদি ৰখাই আটক কৰি উত্তম -মধ্যম সোধোৱাৰ লগতে হাজো থানাত গতাই দিয়ে।পিছত হাজো থানাই সোধপোচ কৰাত দুই নাৰী সৰবৰাহকাৰীৰ ঘৰ ছয় গাঁঁৱৰ চামম্পূপাৰাৰ সোণামিঞা আলীৰ পুত্ৰ আজগৰ আলী (২৪) আৰু বাহানুদ্দিন আলীৰ পুত্ৰ চুকুৰ আলী(৩২) বুলি জানিব পৰা গৈছে।হাজো থানাই দুয়োজনকে আনজুমা বেগমৰ বিষয়ে সোধপোচ চলাই আছে।

Your Comments