চিকিৎসাৰ নামত সৰ্বস্বান্ত হৈ ৰাইজৰ সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালে:ধোঁৱাচাঙত অটল অমৃত

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত পূৰ্নদৈচপৰা(লহকৰপাৰা)নিবাসী চণ্ডী লহকৰ (৫১) মধুমেহ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় সম্প্ৰতি সৰ্বস্বান্ত হ'ব লগীয়া হৈছে,এতিয়া ৰাইজৰ সহায় অবিহনে চিকিৎসাৰ পথ ৰুদ্ধ হোৱাৰ পথত।পিতৃ তৰুণ চন্দ্ৰ লহকৰ আৰু মাতৃ চানু লহকৰৰ পুত্ৰ চণ্ডী লহকৰ চৈধ্য বছৰ ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ থকাত যোৱা ৭ ফেব্ৰুৱাৰীত অত্যাধিক পেটৰ বিষ হোৱাত গুৱাহাটীৰ এপলো হস্পিতালত ভৰ্তি কৰায়।সম্প্ৰতি চিকিৎসাৰ নামত পৰিয়ালে মাটি-বাৰী বিক্ৰী কৰি প্ৰায় এঘাৰ লাখ টকা খৰচ কৰাৰ পিছত ৰোগীৰ কোনো উন্নতিৰ লক্ষণ নেদেখি তথা অৰ্থ সংকটৰ বাবে গুৱাহাটী জি এম চি এইচলৈ আনে যদিও তাত আই চি ইউৰ ব্যৱস্থা নথকাত ২৬ ফেব্ৰুৱাৰীত পুনৰ গেট হস্পিতালত ভৰ্তি কৰায়। সম্প্ৰতি তেওঁৰ চিকিৎসাৰ বাবে শকত পৰিমানৰ ধনৰ প্ৰয়োজন। এটা ব্যক্তিগত কোম্পানীত কাম কৰি পত্নী আৰু ৭ বছৰীয়া কন্যা শিশুটিৰ সৈতে জীৱন নিৰ্বাহ কৰা চণ্ডী লহকৰৰ নামত থকা অটল অমৃত যোজনাৰ কাৰ্ডখনেও কোনো কামত নিদিলে। সম্প্ৰতি এই কাৰ্ডখনৰ ওপৰত চৰকাৰে টকা নিদিয়াত কোনো চিকিৎসালয়ে গ্ৰহণ নকৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। পৰিয়ালৰ লোকে উপায়হীন হৈ সদাশয় ৰাইজৰ সহায় বিচাৰিছে।ইচ্ছুক লোকে এছ বি আই গুৱাহাটী মথঘৰীয়া শাখাত থকা মীৰা লহকৰৰ নামত থকা একাউণ্ট ২০০৮২৪৮৬২১১ আই এফ চি- এছ বি আই এন ০০০৮২৬৫ ত সহায় আগবঢ়াব পাৰিব।

Your Comments