মৰিগাঁও জিলাৰ নৱনিৰ্মিত জিলা কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্য্যালয় উদ্ধোধন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

Pic

জিতুমনি নাথ,মৰিগাঁও:

মৰিগাঁও জিলাৰ বহুদিনীয়া অভাৱ-অভিযোগ দূৰ কৰি শুকুৰবাৰে জিলা খনৰ তিনিমহলীয়া জিলা কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্য্যালয়টো উদ্ধোধন কৰাক লৈ জিলাখনৰ সকলো বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত এক আনন্দময় পৰিৱেশে বিৰাজ কৰে।কিন্তু জিলাখনৰ সকলো বিভাগৰ বিষয়া-কৰ্মচাৰীৰ মাজত সৃষ্টি হোৱা এই আনন্দময় পৰিৱেশৰ মাজতে বিভাগসমূহৰ মুৰব্বী বিষয়াসকলৰ মাজত এটা বিষাদৰ পৰিৱেশ বিৰাজ কৰে।মূলতঃ জিলা কোষাগাৰ প্ৰাধিকাৰীৰ নৱনিৰ্মিত কাৰ্য্যালয়টো উদ্ধোধন কৰিবলৈ অহা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই জিলাখনৰ মুৰব্বী বিষয়াসকলক এক ঘন্টাতকৈও অধিক সময় থিয় কৰাই ৰখাত জিলাখনৰ বিষয়াসকলৰ মাজত বিষাদ বিৰাজ কৰে। সময় সূচী অনুসৰি নৱনিৰ্মিত কাৰ্য্যালয়টো উদ্ধোধনৰ সময় পুৱা ১১ বজা বুলি উল্লেখ থকাত নিৰ্ধাৰিত কাৰ্য্যসুচীতকৈ অধিক আগতে পুৱা প্ৰায় ১০. ৩০ বজাত জিলাখনৰ সকলো বিভাগৰ মঙৰব্বী বিষয়াসকল উপস্থিত হয়হি উক্ত কাৰ্যসূচীত।নৱনিৰ্মিত কাৰ্য্যালয়টো উদ্ধোধন কৰিবলৈ অহা মন্ত্ৰী পিয়ুষ হাজৰিকাও পুৱা ১০.৫০ বজাত মৰিগাঁও আৱৰ্ত ভৱনত উপস্থিত হয়হি।পৰিতাপৰ বিষয় এয়ে যে মৰিগাঁও আৱৰ্ত ভৱনৰ পৰা মাত্ৰ ৩০০ মিটাৰ দূৰত্বত থকা নৱনিৰ্মিত ভৱনটো উদ্ধোধন কৰিবলৈ আহোতে এক ঘন্টাতকৈও অধিক সময় প্ৰয়োজন হয় মন্ত্ৰীগৰাকীৰ।ফলত নিজৰ নিজৰ দায়িত্ব একাষৰীয়া কৰি উদ্ধোধনী অনুষ্ঠানত উপস্থিত থকা জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াসকল উদ্ধোধনী অনুষ্ঠানৰ কাৰ্য্যসুচীত ভাগ লবলৈ আহি ডেৰ ঘন্টাতকৈও অধিক সময় থিয় হৈ থাকিব লগীয়া হোৱাত বিষয়াসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।কেইবাজনো জ্যেষ্ঠ তথা শাৰীৰিক অসুস্থ বিষয়াই বিশ্ৰাম ল'বলৈ চকী বিচাৰি হাবাথুৰি খাবলগীয়াত পৰে। উল্লেখ্য যে নিৰ্ধাৰিত সময়তকৈ এক ঘন্টা পলমকৈ উদ্ধোধন কৰা কাৰ্যালয়টো উদ্ধোধন কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় যে ইয়াৰ জৰিয়তে মৰিগাঁৱৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ এটা পূৰ্ণ হ'ল।উপায়ুক্ত কাৰ্যালয়ৰ নাজিৰ পুলক গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী,জিলা উপায়ুক্ত ঋতুৰাজ বৰা,আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, জিলা উন্নয়ন আয়ুক্ত দীপা দাস,পৌৰপতি অৰ্চনা বৰদলৈ,অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,জিলা কোষাগাৰ প্ৰাধিকাৰীৰ বিষয়া নয়ন মনি শৰ্মা,জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈ,জিলা পৰিবহণ বিষয়া সীমান্ত বৰা আদি কৰি প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াসকলে অংশগ্ৰহণ কৰে।

Your Comments