অসমৰ কাগজকল পুনৰ উজ্জীৱিতকৰণৰ ক্ষেত্ৰত সংবাদ মেলত উত্তৰ নিদিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে

Pic

শুকুৰবাৰে গুৱাহাটীলৈ আহে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।গুৱাহাটীৰ পঞ্চতাৰকা হোটেল ভিভাণ্টাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰে।'জনতাৰ বাজেট' শীৰ্ষক অনুষ্ঠানৰ আঁত ধৰি সীতাৰমনে কয়-"অসমত বেংক সেৱা উন্নত কৰি গ্ৰাহকৰ বাবে বন্ধুত্বসুলভ বেংক সেৱাৰ ব্যৱস্থা কৰাৰ লগতে চাহ বাগান এলেকাত বেংক সেৱা সুলভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব।" সংবাদমেলৰ পূৰ্বে দিনৰ ভাগত খানাপাৰাৰ ষ্টাফ কলেজত বেংক সেৱাৰে জড়িত বিষয়া,বিনিয়োগকাৰীৰ লগত মন্ত্ৰী সীতাৰমণ আলোচনাত মিলিত হয়৷ উল্লেখ যে বিত্তমন্ত্ৰীগৰাকীয়ে চেন্নাই, কলকাতা,মুম্বাইত দেশৰ অৰ্থনীতি সৱলীকৰণৰ বাবে ইতিমধ্যে বৈঠকত মিলিত হৈছে।সেই অনুসৰিয়ে ষষ্ঠ স্থানত থকা গুৱাহাটীত বাজেট সম্বন্ধে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী মিলিত হয় বৈঠকত।ইয়াৰ পিছত আহমেদাবাদ অনুষ্ঠিত কৰিব এই কাৰ্যসূচী।

শুকুৰবাৰৰ সংবাদ মেলত উপস্থিত থাকে ৰাজ্যৰ বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাও৷

ইফালে,সংবাদ মেলত দিল্লী হিংসাই বিনিযোগকাৰীৰ ওপৰত প্ৰভাৱ পেলাব নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয়-"কোনো প্ৰভাৱ নপৰে,ক'তো একো প্ৰভাৱ নাই।বহু বিখ্যাত বিনিয়োগকাৰীয়ে ইচ্ছা প্ৰকাশ কৰিছে ভাৰতত বিনিয়োগ কৰিবলৈ।তেনে বিনিয়োগকাৰীৰ নাম লৈ শেষ কৰিব নোৱাৰিম।"আনহাতে, ক'ৰ'না ভাইৰাছে কিবা প্ৰভাৱ পেলাইছে নেকি বুলি প্ৰশ্ন কৰাত বিত্তমন্ত্ৰীৰ সীতাৰমনে কয়- "কেঁঁচা সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়ত সমস্যা হোৱা নাই।"

ইফালে চাহ বাগানৰ কৰ্মীসকলৰ বেংক একাউণ্টৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰি সীতাৰমনে কয়-"সকলো বেংককে এটিএম স্থাপনৰ বাবে নিৰ্দেশনা দিয়া হৈছে।এটিএম স্থাপন কৰিবই লাগিব আগন্তক ৩০ দিনৰ ভিতৰত।"

"২০১৪ৰ পৰা ২০১৯ৰ ভিতৰত উ:পূবৰ আন্ত:গাঁঠনি উন্নতি সাধন হৈছে।সেতু,দলং নিৰ্মাণ,ৰাস্তাকে আদি কৰি বহু গঠনমূলক কাম সম্পন্ন হৈছে বিগত ৫ বছৰত। বিনিয়োগকাৰী,চৰকাৰে গুৰুত্ব আৰু আগ্ৰহ দেখুৱাইছে উত্তৰ-পূবৰ উন্নয়নৰ বাবে।"-বিত্তমন্ত্ৰীয়ে কয়।

আনহাতে,সংবাদ মেলত ৮ লাখ একাউণ্ট চাহ বাগানৰ কৰ্মচাৰীৰ মাজত খোলাৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।লগতে কয়-"মই অসমৰ মন্ত্ৰী হিচাপে সুখী ভাৰতৰ অৰ্থনীতিৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে গুৱাহাটীত বাজেট সম্বন্ধে আলোচনা কৰিবলৈ বিত্তমন্ত্ৰী আহিছে।৬ মাৰ্চৰ বাজেট দাখিলৰ পূৰ্বে আমি উদ্যম পাইছো সীতাৰমনৰ ভ্ৰমণত।"

'ছটা মাহৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীক চাহ বাগানৰ লোকসকলে বেংকিংৰ ক্ষেত্ৰত হোৱা অসুবিধাৰ সম্পৰ্কে জনাইছিলো।চাহ বাগানৰ শ্ৰমিক সকলৰ ৮০ হাজাৰৰো অধিক বেংক একাউণ্ট আছে,কিন্ত সকলোৰে কে ৱাই চিৰ অসুবিধাৰ বাবে এ টি এম ব্যৱহাৰ কৰিব পৰা নাছিল'-হিমন্ত বিশ্ব শৰ্মাই কয়।

অসমৰ ক্ষুদ্ৰ অথবা বৃহৎ উদ্যোগৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে নিৰ্মলা সীতাৰমণে।কিন্তু,অসমৰ কাগজকল পুনৰ উজ্জীৱিতকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ উত্তৰ নিদিলে মন্ত্ৰী সীতাৰমনে।

Your Comments