জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাৰ জন্মদিনত ওলগ বেবেজীয়া ডিজিটেল মিডিয়া ফ'ৰামৰ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

১৯৮৮ চনতে সাংবাদিকতা জীৱনৰ পাতনি মেলা তথা সুস্থ সাংবাদিকতাৰ প্ৰতিভূ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাৰ ৪৫ সংখ্যক জন্মদিনত বুধবাৰে বিশেষভাৱে ওলগ জনালে নৱগঠিত "বেবেজীয়া ডিজিটেল মিডিয়া ফ'ৰাম"-এ। নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত জন্মগ্ৰহণ কৰা হাজৰিকাই ১৯৮৮ চনৰে পৰা তিনিদিনীয়া অগ্ৰদূত,নতুন দৈনিক ,আজিৰ বাতৰি, আজিৰ অসমকে ধৰি কেইবাখনো বহুল প্ৰচলিত  বাতৰি কাকতত নিষ্ঠা সহকাৰে সংবাদসেৱা আগবঢ়াইছে।''অসমীয়া প্ৰতিদিন'' কাকতৰ জন্মলগ্নৰে পৰা বেবেজীয়াৰ প্ৰতিবেদকৰূপে সংবাদসেৱা আগবঢ়াই অহা হাজৰিকাই বিভিন্ন কাকত,আলোচনীত অসমীয়া জাতীয় জীৱনৰ সৈতে জড়িত বিভিন্ন বিষয়ত নিয়মিতভাৱে প্ৰৱন্ধ লিখি আহিছে।জ্যেষ্ঠ সাংবাদিকগৰাকীৰ জন্মদিন উপলক্ষে ''বেবেজীয়া ডিজিটেল মিডিয়া ফ'ৰাম''ৰ বিষয়ববীয়াৰ এটা দলে তেওঁৰ বাসগৃহলৈ গৈ এখন ফুলাম গামোচা আৰু এটি তুলসী পুলিৰে জন্মদিনৰ ওলগ জনাই সাংবাদিকগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। উল্লেখ্য যে বৃহত্তৰ বেবেজীয়া অঞ্চলৰ পৰা বিভিন্ন ডিজিটেল সংবাদ মাধ্যমত সংবাদসেৱা আগৱঢ়োৱাসকলৰ  উমৈহতীয়া মঞ্চৰূপে কিছুদিন পূৰ্বে ''বেবেজীয়া ডিজিটেল মিডিয়া ফ'ৰাম'' গঠন কৰা হয়।বেবেজীয়া জগতগুৰু পুথিভঁৰাল প্ৰাঙ্গণত অনুষ্ঠিত এখন সভাত ঋতুপৰ্ণ শৰ্মাক সভাপতি, মানস কুমাৰ মহন্তক উপ-সভাপতি,দেৱব্ৰত বৰাক সম্পাদক,তুষাৰ শৰ্মা, গুণজিৎ কুমাৰ দাসক সহ: সম্পাদক,শিৱানজ্যোতি কাকতিক কাৰ্যালয় সম্পাদকৰূপে লৈ সমিতিখন গঠন কৰা হয়।

Your Comments