হাজোৰ চৰ অঞ্চলত সক্ৰিয় নাৰী সৰবৰাহকাৰী:তাপাবড়ী চৰৰ ১৬ বছৰীয়া কিশোৰীক ৰাজস্থানত বিক্ৰী

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত  ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত সক্ৰিয় হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ।ইতিপূৰ্বে কেইবাগৰাকী কিশোৰী-যুৱতীক বহিঃৰাজ্যত নাৰী ব্যৱসায়ী চক্ৰটোৱে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।শেহতীয়াভাৱে পুনৰ হাজোৰ তাপাবড়ী চৰৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক নাৰী ব্যৱসায়ী চক্ৰটোৱে ৰাজস্থানত বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ অহাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে,তাপাবড়ী চৰৰ নুৰুল ইছলাম নামৰ লোকজনৰ ষোল্ল বছৰীয়া কন্যা তথা বৰছলি হাটখোলা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী মমতাজ বেগমে প্ৰায় পাঁচ মাহ পূৰ্বে বিয়লিৰ ভাগত টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা        নিৰুদ্দেশ হৈ পৰে।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও ছাত্ৰীগৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে।অৱশেষত ছাত্ৰীগৰাকীৰ পিতৃ নুৰুল ইছলামে নিৰুদ্দেশ সন্দৰ্ভত ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দিছিল।ইফালে,ৰামদিয়া আৰক্ষীয়ো ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিব  তদন্ত অব্যাহত ৰাখিছিল।ঘটনাৰ প্ৰায় তিনি মাহ পিছত মমতাজ বেগমে পিতৃলৈ ফোন কৰি সমস্ত ঘটনা বিৱৰি কয়।ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃ নুৰুল ইছলামে জনোৱা মতে,বৰক্ষেত্ৰী সমষ্টিৰ বৰবালা চৰৰ ছেলিম আলী নামৰ লোকজনে বিভিন্ন প্ৰলোভন দি কিশোৰীগৰাকীক ফুচুলাই নি  ৰাজস্থানৰ হুনুমানগড় জিলাৰ মুনাক্ৰা গাঁঁৱত বিক্ৰী কৰে।নিজকে কিশোৰীগৰাকীৰ পিতৃ বুলি পৰিচয় দিয়া নাৰী ব্যৱসায়ী ছেলিম আলীয়ে কিশোৰীগৰাকীৰ বিবাহ কাৰ্য সম্পন্ন হোৱা এখন ফটো ভাইৰেল কৰাত  ঘটনাটো পোহৰলৈ আহে।লগে লগে পিতৃ নুৰুল ইছলামে ৰামদিয়া আৰক্ষীক ঘটনাটো অৱগত কৰে।কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে পিতৃ নুৰুল ইছলামে দিয়া ঠিকনাৰ ভিত্তিত  ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ পাঠকৰ নেতৃত্বত এটা আৰক্ষীৰ দল যোৱা ১০ ফেব্ৰুৱাৰীত ৰাজস্থানলৈ ৰাওনা হয়।স্থানীয় আৰক্ষীৰ সহযোগত ৰামদিয়া আৰক্ষীয়ে কিশোৰীগৰাকীক বিক্ৰী কৰা পৰিয়ালটোৰ ঘৰ বিচাৰি উলিয়াই যদিও আৰক্ষীৰ আগমনৰ উমান পাই আটাইবোৰ সদস্য পলাই যায়।ইফালে,কিশোৰীগৰাকীৰ পৰিযালৰ লোকে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক নাৰী ব্যৱসায়ী চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু অসম  আৰক্ষীৰ ওচৰত অনুৰোধ জনায়।উল্লেখ্য যে  হাজোৰ চৰ অঞ্চলৰ নাৰী সবৰাহকাৰী ঘটনাৰ লগত জড়িত বৰক্ষেত্ৰী সমষ্টিৰ বৰবালা চৰৰ  ছেলিম আলী আৰু লালচান আলী নামৰ লোক দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Your Comments