মহানগৰীত পুনৰ চলিব ৰেপিড',অ'লা,উবেৰ বাইক-টেক্সি সেৱা।বুধবাৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা উল্লেখ কৰিছে।উল্লেখ যে পাটোৱাৰীয়ে বুধবাৰে ৰেপিড' চালক সন্থাৰ প্ৰতিনিধিৰে বৈঠকত মিলিত হোৱাৰ পিছত এই কথা ঘোষণা কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে জিলা পৰিবহণ বিষয়াক ৰেপিড' সেৱা বন্ধ কৰা সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে ধমকি দি কয়-"কোনো কাৰ্যালয় বন্ধ কৰাৰ অধিকাৰ ডিটিঅ'ৰ নাই।"
'বাণিজ্যিক পঞ্জীয়ন নোহোৱালৈকে বৰ্তমানৰ নাম্বাৰ প্লেটেৰে চলিব বাইকসমূহ।তাৰ পিছত আইন সংশোধন কৰি হালধীয়া বাণিজ্যিক নাম্বাৰ প্লেট লগাব লাগিব বাইকসমূহত'-মন্ত্ৰী পাটোৱাৰীয়ে কয়।
ডিটিঅ'ই পৰিবহণ আইন সংশোধন কৰিব নোৱাৰে।নতুন পলিচী চৰকাৰে গ্ৰহণ কৰিব।পৰিবহণ আয়ুক্তক সমগ্ৰ ঘটনা চালি-জাৰি চাবলৈ নির্দেশ দিছে মন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 14 views