নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
নগাঁও জিলাৰ বঢ়মপুৰৰ নিকটৱৰ্তী বামুণী ৰাজহুৱা খেলপথাৰত মঙলবাৰে অসম চৰকাৰৰ উদ্যান শস্য বিভাগ আৰু ছিমফেড (ছিকিম ষ্টেট কো-অপাৰেটিভ চাপলাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড)ৰ দ্বাৰা জৈৱিক কৃষি প্ৰৱন্ধন আঁচনিৰ এটা কৃষক প্ৰশিক্ষণ শিবিৰ অনুুুষ্ঠিত হয়।'ছিমফেড'ৰ প্ৰকল্প বিষয়া ৰঞ্জন বৰুৱাই আঁত ধৰা শিবিৰটোত শস্য আৰু ফলমূল বিভাগৰ প্ৰকল্প বিষয়া বকুল শইকীয়াই আঁচনিখনৰ বিশদ বিৱৰণ দাঙি ধৰি কয়-'হালধি খেতি কৰি বজাৰত বিভিন্ন প্ৰকাৰেৰে লাভজনক ব্যৱসায় কৰিব পাৰি।'শিবিৰত নগাঁও জিলাৰ কৃষি মহকুমা বিষয়া নিখিল বৰুৱাই বিশিষ্ট অতিথিৰ ভাষণত কয় যে গোবৰৰ সাৰ বহুত লাভদায়ক সাৰ হয়,ই সূক্ষ্ম জীৱাণু আৰু কেঁচুক উপযোগী ভোজন প্ৰদান কৰে।লগতে,হিউমাছ সৃষ্টি কৰি মাটিক বেছি সাৰুৱা কৰি তোলে।ভাৰত চৰকাৰৰ প্ৰকল্প বিষয়া সঞ্জয় কুমাৰেও শিবিৰত অংশগ্ৰহণ কৰি জৈৱিক কৃষি প্ৰবন্ধন সম্পৰ্কে আলোকপাত কৰে।প্ৰায় তিনিশতাধিক কৃষক উপস্থিত থকা শিবিৰটোত ছিমফেডৰ বিষয়ববীয়া ময়ূৰ দেৱনাথ,অন্তৰা গোহাঁই,জয়ন্ত বৰুৱা আদি উপস্থিত থাকে।উল্লেখ্য যে উক্ত শিবিৰতেই বামুণী অঞ্চলটোত ৫০০ হেক্টৰ মাটিত হালধি খেতি কৰি সেউজ বিপ্লৱ গঢ়াৰ সংকল্প গ্ৰহণ কৰা হয়।
- Log in to post comments
- 9 views