বেবেজীয়াত গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

"ৰাইজৰ ভালৰ কাৰণে কৰিব লগীয়া কোনো ধৰণৰ উন্নয়নমূলক কামতেই আপোচ কৰা নহ'ব।ৰাইজৰ আশাবোৰ, হেঁপাহবোৰ মনৰ জোখাৰে সজাল ৰূপ দিবলৈ আমি বদ্ধপৰিকৰ।ইয়াত ব্যক্তিগত লাভ-লোকচানৰ কথা আহিবই নোৱাৰে।"সোমবাৰে বিয়লি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ২০১৭-১৮ বৰ্ষৰ ৰাজ্যিক নিজা অগ্ৰাধিকাৰ অধীনত(SOPD)ৰে বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে।বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটোত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্যই পঞ্চায়তটোৰ নৱনিৰ্মিত কাৰ্যালয়ৰ সন্দৰ্ভত নিজা মত ব্যক্ত কৰি কয় যে নিয়মমাফিক যি কৰিব লাগে,সেই কামেই সুচাৰুৰূপে কৰা হ’ব।এইক্ষেত্ৰত কোনোৱে যাতে বেলেগ চিন্তা নকৰি কাৰ্যালয়টো কেনেকৈ সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াব পাৰি,সেই কামৰ বাবেহে সহযোগিতা কৰক।এই নৱনিৰ্মিত কাৰ্যালয় ভৱনৰ বাবে ৩৭,৫০,০০০.০০ টকা ব্যয় ধাৰ্য কৰা হৈছে । আধাৰশিলা স্থাপন  অনুষ্ঠানত জিলা পৰিষদৰ সদস্য কাঞ্চন বৰদলৈ,তিৱা স্বায়ত্ত্ব পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈ,খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সভাপতি দীপাঞ্জলি কোঁৱৰ,ভাৰতীয় জনতা পাৰ্টিৰ  পাখিমৰীয়া মণ্ডল সভাপতি নৰেন দাসৰ উপৰি খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী,কনিষ্ঠ অভিযন্তা অচিন্ত্য বৰা, বিশিষ্ট সমাজকৰ্মী-শিল্পী গম্ভীৰ নাথ,বেবেজীয়াৰ ভোগেশ্বৰ হাজৰিকা আদৰ্শ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱ-নিযুক্ত অধ্যক্ষ উপেন বৰা প্ৰমুখ্যে শতাধিক লোক উপস্থিত থাকে।

Your Comments