মিছকল দিয়ক ৰাষ্ট্ৰ নিৰ্মাণ অভিযানৰ অশীদাৰ হওক:আছু,শিল্পী সমাজলৈ বিশেষ আহ্বান 'আপ'ৰ সমন্বয়কৰ

Pic

দিল্লীত তৃতীয়বাৰলৈ অৰৱিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে ক্ষমতা দখল কৰাৰ পিছত দেশৰ জনতাৰ মাজত এতিয়া জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে 'আপ'ৰ।দেশৰ ২০ খন ৰাজ্যৰ লগতে অসম ৰাজ্যিক সমিতিয়ে 'আপ'ত জনতাৰ সমৰ্থন বিচাৰি আৰম্ভ কৰিছে ৰাষ্ট্ৰ নিৰ্মাণ অভিযান।অভিযানৰ অংশীদাৰ হ'বলৈ দলটোৱে মুকলি কৰে ৯৮৭১০১০১০১ নম্বৰ।ৰাষ্ট্ৰ নিৰ্মাণ অভিযানত অংশীদাৰ হ'বলৈ দলটোৱে মুকলি কৰা বিশেষ নম্বৰটোতত    মিছ কল দি প্ৰতিজন লোকেই অংশীদাৰ হ'ব পাৰিব।এই কথা দলটোৰ ৰাজ্যিক সমন্বয়ক ডঃ ভৱেন চৌধুৰীয়ে জানিবলৈ দিয়ে।

"২৩ মাৰ্চলৈকে চলিব লগা এই অংশীদাৰ অভিযান কাৰ্যসূচীত ৰাজ্যবাসীক অংশীদাৰ হ'বলৈ গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদ মেলৰ জৰিয়তে আহ্বান জনায় ড: চৌধুৰীয়ে । 
 
সংবাদ মেলৰ মাজতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত দলটোৰ তত্বাৱধায়ক ৰাজেশ আগৰৱালাই মুকলি কৰে ৰাষ্ট্ৰ নিৰ্মাণ অভিযানৰ পোষ্টাৰ।

দলটোৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মঙলবাৰে সংবাদ মেলতে 'আপ'ত যোগদান কৰে সমাজকর্মী দেৱকেশ মল্ল বুজৰবৰুৱাই।

"মোৰ ৰাজনৈতিক জীৱনৰ এয়া প্ৰথম দিন।কেজৰিৱালৰ কামত সন্তুষ্ট হৈছোঁ আৰু দলত যোগদান কৰিছোঁ" -যোগদান কৰি বুজৰবৰুৱাই কয়।

আছু,শিল্পী সমাজ তথা অসমৰ বিভিন্ন জাতীয় দল-সংগঠনক সংবাদ মেলৰ পৰাই আহ্বান জনায় সমন্বয়ক ড:চৌধুৰীয়ে কয়-"পৰিস্কাৰ ৰাজনীতিৰ বাবে সকলোৱে আমাক সহযোগ কৰক।"

উল্লেখ্য যে সংবাদ মেলত উপস্থিত আছিল ৰাজ্যিক সম্পাদক বনদ্বীপ দত্ত, সহ-সমন্বয়ক আব্দুল ৱাহিদ।

Your Comments