পুনৰ চাৰি দিনৰ বাবে ক্ৰাইম ব্ৰান্সৰ জিম্মাত দেশদ্রোহী গোচৰত অভিযুক্ত চার্জিল ইমাম।কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত সোমবাৰে চাৰি দিনৰ বাবে বৃদ্ধি কৰিলে আৰক্ষী জিম্মাৰ ম্যাদ।উল্লেখ যে শ্বাহিনবাগত 'কা'ৰ বিৰূদ্ধে প্ৰতিবাদ কৰিবলৈ আহি অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়াৰ অভিযোগত যোৱা ২০ ফেব্ৰুৱাৰীত দিল্লীৰ পৰা অসমলৈ আনিছিল চার্জিলক।প্ৰথম চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত ন্যায়ালয়ে প্ৰদান কৰিছিল চার্জিলক।সেই চাৰি দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ সোমবাৰে অন্ত পৰাত পুনৰ আদালতে বৃদ্ধি কৰে ম্যাদ।গুৰুত্বপূৰ্ণ কথা এই যে পূৰ্বৰে পৰা অসমৰ সৈতে সম্পৰ্ক আছিল চার্জিলৰ।আৰক্ষীৰ জেৰাত প্ৰকাশ কৰাৰ অনুসৰি অসমৰ এগৰাকী সাংসদৰ সৈতে চার্জিল মিলিত হৈছিল বৈঠকত।ইয়াৰ উপৰিও চার্জিলে প্ৰকাশ কৰিছে আৰু ভয়ংকৰ তথ্য।তাৰ ভিত্তিতে আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল চার্জিলক।
- Log in to post comments
- 11 views