ডিফুৰ ঝংকাৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান:শুকুৰবাৰে ১২ জন দোষীৰ শাস্তিৰ ঘোষণা কৰিব আদালতে

Pic

সুদীৰ্ঘ সাত বছৰৰ অপেক্ষাৰ অন্তত সোমবাৰে কাৰ্বি আংলং জিলাৰ সত্ৰ ন্যায়াধীশ আদালতে প্ৰদান কৰিলে কিশোৰ ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান।২০১৩ চনৰ ২৫ জুনত ডিফু চহৰৰ ৰাজপথত দিন-দুপৰতে অধিবক্তা পিতৃ হৰেন শইকীয়া আৰু আৰক্ষীৰ সন্মুখতে মাত্ৰ দহ টকাৰ বাবে এদল উন্মাদ জনতাৰ আক্ৰমণত প্ৰথমে আহত,তাৰ পিছত ১ জুলাইত প্ৰাণ হেৰুৱা ঝংকাৰৰ হত্যাকাণ্ডত ১৬ জন অভিযুক্তৰ ভিতৰত আদালতে ১২ জনক দোষী সাব্যস্ত কৰে।ঘটনাত অভিযুক্ত হোৱা দুই আৰক্ষী ক্ৰমে ৰমেশ নাথ আৰু হাৰুণ বৰাৰ লগতে অন্য দুগৰাকী অভিযুক্তক আবিৰুদ্দিনে আহমেদৰ বিচাৰপীঠে দোষমুক্ত ঘোষণা কৰে।

আনহাতে,দোষী সাব্যস্ত হোৱা ১২ জনক শুকুৰবাৰে আদালতে ঘোষণা কৰিব শাস্তি।

উল্লেখ্য যে পুত্ৰৰ ওপৰত চলা মানুহৰূপী দানৱৰ নিৰ্মম আক্ৰমণ ডিফুৰ ৰাজপথত স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছিল ঝংকাৰৰ অধিবক্তা পিতৃয়ে।পিতৃৰ সৈতে বজাৰলৈ অহাৰ সময়তে দহ টকাৰ বাবে সংঘটিত হৈছিল মৰ্মান্তিক ঘটনাতো।

ন্যায়ালয়ৰ ৰায়ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থকা দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে।তেওঁলোকৰ আশা একমাত্ৰ পুত্ৰ ঝংকাৰৰ আত্মাই ন্যায় পাব।

স্মৰ্তব্য যে বহু সময়ত বিষয়টোৰ বিচাৰত লেহেমীয়া হোৱা বুলি অভিযোগ উত্থাপন      কৰিছিল  ঝংকাৰৰ  পিতৃয়ে।তাৰ পিছতে ৰাজ্য চৰকাৰৰ তৎপৰতাত প্ৰদান কৰা হয় চূড়ান্ত ৰায়দান।

Your Comments