মহানগৰীৰ পৰিবহণ বিভাগৰ কঠোৰ সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে পুৱা ৬ বজাৰ পৰা আবেলি ৬ বজালৈ গুৱাহাটীত সম্পূৰ্ণৰূপে বন্ধ থাকিব অ'লা-উবেৰ সেৱা।এই কথা জানিবলৈ দিছে মহানগৰীৰ অলা-উবেৰ সন্থাই।উল্লেখ যে জিলা পৰিবহন বিভাগে ২২ ফেব্ৰুৱাৰী, শনিবাৰে হঠাৎ মহানগৰীত চলাচল কৰা ৰেপিড' বাইক সেৱা বন্ধ কৰাৰ লগতে অ'লা-উবেৰ আৰু অন্যান্য কেবৰ বাবে নতুন পাৰ্মিট লাগিব বুলি বান্ধি দিয়া কঠোৰ নিয়মৰ বিৰুদ্ধে ঘোষণা কৰিছে এই প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী।
গুৰুত্বপূৰ্ণ কথা এই যে মহানগৰীৰ জনতাৰ যাতায়তৰ উজু ব্যৱস্থা কেবসমূহৰ বন্ধৰ ফলত সোমবাৰে সমস্যাত পৰিব যাত্ৰীসকল।
ইয়াৰ উপৰিও ৰেপিড' সেৱা বন্ধৰ ফলত কোম্পানীটোত জড়িত প্ৰায় ১৭হাজাৰ নিবনুৱাৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ।
- Log in to post comments
- 12 views