নলবাৰীত মুখ্যমন্ত্ৰীৰ গাঁও পঞ্চায়ত ভিত্তিত ১৭ বছৰ অনুৰ্ধ্ব ল'ৰা-ছোৱালীৰ ফুটবল/এথেলিটিকছ প্ৰতিযোগিতা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ
উদ্যোগত আৰু শাৰীৰিক নিৰ্দেশকসকলৰ সহযোগত নলবাৰী জিলাৰ ৭ টা উন্নয়ন খণ্ডৰ গাওঁ পঞ্চায়ত ভিত্তিত (ফুটবল/ এথলেটিকছ) ক্ৰীড়া প্ৰতিযোগিতাৰ ১৭ বছৰ অনুৰ্ধ্ব ল'ৰা-ছোৱালীৰ উভয় শাখাত বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত হয়।নলবাৰীৰ জিলা ক্ৰীড়া প্ৰকল্প সৰিয়হতলীত অনুষ্ঠিত এই প্ৰতিযোগিতাখন উদ্বোধন কৰে নলবাৰীৰ সমষ্টিৰ বিধায়ক অশোক শৰ্মাই।অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, মহকুমা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, ক্ৰীড়া সংগঠক ৰাতুল গোস্বামী, গৌতম কলিতা, নৱ দাস, পৰেশ বৰ্মণ , কল্যাণ বৰ্মণ, দেৱজিৎ ডেকা, বিপুল সাউদ  আদি ক্ৰীড়া সংগঠক তথা অন্যান্য  শাৰীৰিক নিৰ্দেশকসকল।বৃহস্পতিবাৰে অনুষ্ঠিত ফুটবল খেল প্ৰতিযোগিতাত পূব নলবাৰী ব্লকে বৰক্ষেত্ৰী ব্লকক  ২--০ গ'লত পৰাভূত কৰি চূড়ান্ত বিজয়ী হয়।আনহাতে,বিভিন্ন ইভেন্টত এথেলিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
 

Your Comments