'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ অপৰাধত মাওবাদীৰে সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় দুমাহ ধৰি কাৰাৰুদ্ধ জীৱন অতিবাহিত কৰা কৃষক নেতা গগৈক বৃহস্পতিবাৰে লৈ অহা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।চকু, হাড় আৰু প্ৰচণ্ড মূৰৰ বিষত আক্রান্ত গগৈক চিকিৎসকে চশমা ল'বলৈ পৰামৰ্শ দিয়ে।গগৈৰ স্বাস্থ্য সংক্রান্তীয় সকলো পৰীক্ষা কৰাৰ হয়।
কাৰাগাৰৰ পৰা চিকিৎসালয়লৈ অনাৰ সময়ত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত গগৈয়ে কয়-"কেন্দ্ৰীয় চৰকাৰে ৬ নং দফাৰ প্ৰতিবেদন গ্ৰহণ নকৰি অসমীয়া জাতিক অপমান কৰিছে।প্ৰতিবেদনখন অতি সোনকালে গ্ৰহণ কৰিব লাগে"।লগতে বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন এতিয়াও সম্পূৰ্ণ নহয় বুলি উল্লেখ কৰি গগৈয়ে কয়-"ইনাৰ লাইন পাৰ্মিট,নাগৰিকত্ব, ৰাজ্যৰ প্ৰয়োজনীয় অধিকাৰসমূহ সন্নিবিষ্ট থাকিব লাগে প্ৰতিবেদনত।"
আনহাতে,'কা'ৰ বিৰুদ্ধে সংগ্ৰাম জোৰদাৰ গতিত চলাই নিবলৈ প্ৰতিজন অসমীয়াক আহ্বান জনায় গগৈয়ে।
- Log in to post comments
- 17 views