শ্বাহীনবাগৰ 'কা' বিৰোধী আন্দোলনত ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা ছাৰ্জিল ইমামক বৃহস্পতিবাৰে অনা হয় গুৱাহাটীলৈ।দিল্লীৰ পৰা ৰেলযোগে অনা হয় ছাৰ্জিলক।গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ইমামৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত হাজিৰ কৰোৱা হয় কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। অসম আৰক্ষীয়ে ১৪ দিনৰ জিম্মাত বিচাৰে চাৰ্জিলক।দেশদ্ৰোহিতাৰ গোচৰত অভিযুক্ত ছাৰ্জিলক আদালতে ১৪ দিনৰ বিপৰীতে ৪ দিনৰ আৰক্ষী জিম্মাত প্ৰদান কৰে। আনহাতে,গুৱাহাটী ৰেল ষ্টেছনত উপস্থিত হোৱাৰ লগে লগে ছাৰ্জিলৰ বিৰুদ্ধে প্ৰতিবাদ কৰে কামৰূপ মহানগৰ জিলা অখিল ভাৰত বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে।
- Log in to post comments
- 14 views