শিলচৰৰ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱক কটাক্ষ অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ।সাংসদগৰাকীয়ে বৰাকৰ মুখ্য ভাষা বাংলা হ'ব লাগে বিভিন্ন সময়ত কৰি অহা মন্তৱ্যক উভতি ধৰি সভাপতি ৰাজবংশীয়ে কয়-"অসমীয়া আৰু বাংলা ভাষা যে ভাই-ককাই তেওঁ সেই কথাটো জানিবতো লাগিব !পিতৃৰ পদাংক অনুসৰি কৰি বাংলা ৰাজনীতি কৰিলেই নহ'ব৷কাৰণ আমিতো মাহে-মাহে বা দুমাহৰ মূৰত বৰাকলৈ গৈছো আৰু তাত গৈ সভা কৰিছো,অসমীয়া ভাষাৰ উন্নতিৰ কথা কৈছো, নাটকো কৰিছো,কোনো বাংলাভাষী লোকে আমাক আপত্তি কৰা নাই" ৷
"আমি বিচাৰো জ্যোতিপ্ৰসাদ,ৰবীন্দ্ৰনাথৰ স্মৃতিচাৰণৰ দৰে কাৰ্যসূচীসমূহ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে বুজি উঠাৰ বাবে উদযাপন কৰক।কিন্তু যোৱা বৰ্ষত ৰবীন্দ্ৰ জয়ন্তীৰ দিনটোতত চৰকাৰী বিদ্যালয়ত
উদযাপনৰ বিপৰীতে পৰীক্ষা পাতিছিল,তাৰ অসম সাহিত্য সভাই তীব্ৰ বিৰোধিতা কৰিছিল৷ সেই সময়ত সুস্মিতা দেৱ ক'ত আছিল " বুলি ডঃৰাজবংশীয়ে মন্তব্য কৰে।
"অসম সাহিত্য সভাৰ স্পষ্ট কথা বৰাক- ব্ৰহ্মপুত্ৰ সকলোতে অসমীয়া ভাষা প্ৰথম ভাষা হিচাপে প্ৰচলিত হৈ থাকিব লাগিব"-তেওঁ লগতে কয়।অসম সহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত বিদায়ী সভাপতি ডঃ ৰাজবংশীয়ে সোমবাৰে সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনী মোহন চৌধুৰী।
- Log in to post comments
- 15 views