তৃতীয়বাৰৰ বাবে দেশৰ ৰাজধানীত আম আদমী পাৰ্টিৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হোৱাৰ পিছত দায়সৰা মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।তেওঁ কয়-"দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ কথা কেতিয়াও ভবা নাছিল।কাৰণ দিল্লীৰ জনতাই লোকসভাত বিজেপিক বিচাৰে আৰু বিধানসভাত 'আপ'ক বিচাৰে।আপে দিল্লীবাসীক বিনামূলীয়া বিজুলী-পানী যোগান ধৰাৰ সুফল পাইছে।" অসমত দিল্লীৰ নিৰ্বাচনৰ প্ৰভাৱ পৰিব নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী হিমন্তই নগাঁৱত কয়-"অসমত দিল্লীৰ মানুহে ভোট দিবলৈ অহা মই দেখা নাই। কিন্তু কেৱল সাংবাদিকে যেতিয়া নিৰ্বাচনত ভোটদান কৰিব তেতিয়া প্ৰভাৱ পৰিব।" আনহাতে, দিল্লী বিধানসভাৰ নিৰ্বাচনী ফলাফলক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয়-"দিল্লীৰ নিৰ্বাচনী প্ৰচাৰত ময়ো অংশ লৈছিলো।আমি চৰকাৰ গঠন কৰিব নোৱাৰোঁঁ বুলি পূৰ্বেতে কৈছো।চৰকাৰ গঠন কৰিব নোৱাৰিলেও পূৰ্বতকৈ আমাৰ ভোটৰ হাৰ বাঢ়িছে।তাৰ বিপৰীতে ভোটৰ হাৰ হ্ৰাস পাইছে আপ আৰু কংগ্ৰেছৰ।"নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰোঁঁতে দিল্লীৰ ভোটাৰে লোকসভাত নৰেন্দ্ৰ মোডী আৰু বিধানসভাত অৰৱিন্দ কেজৰিৱালক বিচাৰোঁঁ বুলি স্পষ্টকৈ কৈছিল বুলি দায়সৰা মন্তব্য প্ৰকাশ কৰে সভাপতি দাসে।
- Log in to post comments
- 45 views