তৃতীয়বাৰৰ বাবে দিল্লীৰ জনতাই আম আদমী পাৰ্টীক একক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰাৰ পিছত এইবাৰ 'আপ'ৰ টাৰ্গেট বিহাৰ আৰু অসম।ভ্রষ্টাচাৰী বিজেপি-কংগ্ৰেছক ৰাজনৈতিকভাৱে প্ৰতিহত কৰাৰ লক্ষ্যৰে টঙালি বান্ধিছে 'আপ'ৰ অসম ৰাজ্যিক সমিতিয়ে। ইতিমধ্যে দলৰ সাংগঠনিক ভেঁটি দৃঢ় কৰাৰ লক্ষ্যৰে বৰাক উপত্যকাৰ বাহিৰে সমগ্ৰ অসমত দলটোৱে গঠন কৰিছে জিলা সমিতি।তদুপৰি মধ্য আৰু উজনি অসমত ইতিমধ্যে গঠন কৰিছে ৪০খনকৈ বিধানসভা সমিতি।দিল্লী বিধানসভাৰ ফলাফল ঘোষণাৰ দিনটোতে এই কথা ৰাজহুৱা কৰিছে দলটোৰ অসম ৰাজ্যিক সম্পাদক বনদীপ দত্তই। দত্তই জানিবলৈ দিয়া অনুসৰি আগন্তক বিধানসভাৰ নিৰ্বাচনৰ বাবে অসমত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।তাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে অসমত 'আপ'ৰ ভেঁটি শক্তিশালী কৰাৰ বাবে অসমীয়া শুভমাহ ব'হাগ(এপ্ৰিল-মে')ত অসম ভ্ৰমণলৈ আহিব।মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা অসম ৰাজ্যিক সমিতিক ব্যক্তিগতভাৱে জনোৱা বুলি উল্লেখ কৰে সম্পাদক দত্তই।
উল্লেখ্য যে কেজৰিৱালৰ উপৰিও আৰু ভালেকেইজন দলটোৰ শীর্ষ নেতা আগন্তক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমলৈ অহাটো প্ৰায় নিশ্চিত বুলি উল্লেখ কৰিছে অসম ৰাজ্যিক সমিতিয়ে।
- Log in to post comments
- 65 views