জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰালৈ ২০২০ বর্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা

Pic

২০২০ বর্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচিত জ্যেষ্ঠ সাংবাদিক তথা দৈনিক অসম কাকতৰ সহকাৰী সম্পাদক বিতোপন বৰবৰা।পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা সমিতিয়ে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে।প্ৰায় তিনি দশকতকৈ অধিক কাল অসমৰ সংবাদ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বৰবৰালৈ আগবঢ়োৱা হৈছে এই বঁটা।এই কথা জানিবলৈ দিছে বঁটা সমিতিৰ হৈ বেদব্ৰত বৰা আৰু মনোজ কুমাৰ নাথে। অহা ২৪ ফেব্ৰুৱাৰীত প্ৰয়াত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিনৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰিব।বঁটাত আছে নগদ পঁচিছ হাজাৰ টকা, এটা স্মাৰক আৰু সম্বৰ্ধনা-পত্ৰ।উল্লেখ্য যে যোৱা ২০১১ চনৰ পৰা প্ৰদান প্ৰদান কৰি অহা হৈছে এই বঁটা। গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হ'ব লগা বঁটা প্ৰদান অনুষ্ঠানত পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা প্ৰদান কৰিব তেজপূৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ চন্দন কুমাৰ শৰ্মাই।

Your Comments