নাগৰিকত্ব সংশোধনী আইন- ২০১৯ চমুকৈ 'কা'ৰ বিৰুদ্ধে সংগ্রাম কৰাৰ বাবে গুৱাহাটী ৰাণীস্থিত বৰুণ বিভেৰেজ,পেপচি বটলিং কোম্পানীত কৰ্মৰত দুই অসমীয়া কৰ্মচাৰীক নিৰ্যাতন।বহিৰাগত কোম্পানীটোৰ সঞ্চালক,কলকাতাৰ ৰজত ভট্টাচাৰ্যীয়ে শাস্তিমূলকভাৱে অসমৰ পৰা গুজৰাট আৰু নয়দালৈ হঠাৎ বদলিৰে নিৰ্যাতন চলাইছে দুই অসমীয়া কৰ্মচাৰী সমৰেন্দ্ৰ দাস আৰু কৰ্ম কুমাৰক।কৰ্মচাৰী দুগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি কোম্পানীটোত জড়িত হোৱাৰ পিছৰে পৰা তেওঁলোকে নিজৰ লগতে তাত কৰ্মৰত প্ৰতিজন কৰ্মচাৰীৰ প্ৰাপ্য বাবে সদায় মাত মাতি আহিছিল।ফলত তেওঁলোক কোম্পানীৰ টাৰ্গেটত পূৰ্বৰ পৰা আছিল।
ভুক্তভোগী কৰ্মচাৰী কৰ্ম কুমাৰে উল্লেখ কৰা অনুসৰি যোৱা ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা 'কা' বিৰোধী আন্দোলনত তেওঁ জড়িত হৈছিল।১২ডিচেম্বৰত প্ৰশাসনে জাৰি কৰা সান্ধ্য আইন ভংগ কৰি লতাশিলত যি বৃহৎ সমাৱেশ হৈছিল তাতো অংশগ্ৰহণ কৰিছিল।তাৰ পিছৰ পৰ্যায়ত চলিত বর্ষৰে ৮ জানুৱাৰীত কৰ্মচাৰীসকলে আহ্বান জনোৱা সাধাৰণ ধৰ্মঘট কাৰ্যসূচী সফল কৰি তোলাৰে বাবে কোম্পানী কৰ্মচাৰীৰসকলক আহ্বান কৰি বন্ধ সফল কৰিছিল।তাৰ পিছতে কোম্পানীৰ ফালৰ পৰা যোৱা ২৯ জানুৱাৰীত হঠাৎ নির্দেশ জাৰি কৰি তেওঁলোকক গুজৰাট আৰু দিল্লীলৈ বদলি কৰাৰ কথা জানিবলৈ দিয়ে। লগতে কয় ১ফেব্ৰুৱাৰীত গৈ নিৰ্দিষ্ট স্থানত চাকৰিত যোগদান কৰিব লাগিব। কৰ্মচাৰী কুমাৰে উল্লেখ কৰা অনুসৰি তেওঁলোকে কোম্পানীক নির্দেশ প্ৰত্যাহাৰ কৰিবৰ বাবে আহ্বান জনাই আৱেদন কৰিছিল। কিন্তু সেই আৱেদনৰ সন্দৰ্ভত সঞ্চালক ভট্টাচাৰ্যীয়ে ধমকি দি কয়- "তহঁতি নেতা ওলাইছ, আন্দোলন কৰ,নেতাগিৰী দেখুওৱা তহঁতৰ কোনো কথা শুনা নহব।"তহঁতে ইয়াৰ পৰা যাবই লাগিব বুলি কাৰ্যালয়ৰ পৰা উলিয়াই দিয়ে"। ১ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকক কোম্পানীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই বুলিও জানিবলৈ দিয়ে কৰ্মচাৰী কুমাৰে।
আনহাতে,সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সদৌ অসম একত্ৰিত যুৱ পৰিষদ থিয় দিছে কৰ্মচাৰী দুজনৰ কাষত।সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ কলিতাই এক সংবাদমেল সম্বোধন কৰি কয় "কোম্পানীটোক আমি ৪৮ঘন্টা ভিতৰত নির্দেশ প্ৰত্যাহাৰ কৰি কৰ্মচাৰী দুুুজনক কামত যোগদান কৰিবলৈ দিয়াৰ আহ্বান জনোৱা হৈছিল।কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই।যদি এয়াই হয় মঙলবাৰে কোম্পানীৰ সন্মুখত পাঁচ শতাধিক কৰ্মচাৰী লগত লৈ সাব্যস্ত কৰা হব গণতান্ত্ৰিক প্ৰতিবাদ।ইয়াৰ পিছতো যদি গুৰুত্ব নিদিয়ে বন্ধ কৰি দিয়া হ'ব কোম্পানী।"
- Log in to post comments
- 33 views